নলবাৰী, 25 জুলাইঃ নলবাৰীত অগ্নি নিৰ্বাপক আৰু আপদকালীন বিভাগক কন্টেইনমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে জিলা প্ৰশাসনে ৷ সমগ্ৰ নলবাৰীতে চেনিটাইজেচনৰ ব্যৱস্থা কৰি ৰাইজক সুৰক্ষিত কৰি ৰখা অগ্নি নিৰ্বাপক আৰু আপদকালীন বিভাগৰ কৰ্মচাৰী আক্ৰান্ত হ’ল ক’ভিড 19 ত ৷
অগ্নি নিৰ্বাপক বাহিনীৰ 22 গৰাকী কৰ্মচাৰী আক্ৰান্ত হয় ক’ভিড 19 ত ৷ সেয়ে শনিবাৰৰ পৰা কন্টেইনমেন্ট জনত থাকিব এই কাৰ্যালয়টোৰ লগতে ব্যৱহৃত এই গাড়ী সমূহ ৷
অৱশ্যে নলবাৰীত যি কোনো দুৰ্যোগৰ সম্মুখীন হ'বলৈ ইতিমধ্যে প্ৰশাসনৰ পৰা ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ সেই অনুসৰি নলবাৰীৰ গৰ্ডন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অস্থায়ী কাৰ্যালয় প্ৰস্তত কৰি দুখন অগ্নি নিৰ্বাপৰ গাড়ীৰ ব্যৱস্থা কৰিছে ৷
লগতে পঢ়কঃ দলগাঁৱত জুৱাৰীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত সাংবাদিক