ETV Bharat / state

বৰক্ষেত্ৰীত প্ৰচাৰ অভিযানত ব্যস্ত কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী ববিতা শৰ্মা

বৰক্ষেত্ৰীত গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী ববিতা শৰ্মাই প্ৰচাৰ চলাই ৫ বছৰ সময় বিচাৰিলে জনসাধৰণৰ পৰা

author img

By

Published : Apr 6, 2019, 10:38 PM IST

বৰক্ষেত্ৰীত প্ৰচাৰ অভিযানত ব্যস্ত কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী ববিতা শৰ্মা

নলবাৰী, ৬ এপ্ৰিল : আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান তুংগত চলি থকাৰ সময়তে শনিবাৰে বৰক্ষেত্ৰীত উপস্থিত হয় গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী ববিতা শৰ্মা । বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ আদাবাৰী, লোহাৰকাঠা, মুকালমুৱা, ৰামপুৰ আদি ঠাইত অনুস্থিত হোৱা নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মা । বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী প্ৰচাৰ সভাত শৰ্মাই অংশগ্ৰহণ কৰি গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ শিক্ষাগত অৰ্হতাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰাৰ লগতে মোডী চৰকাৰে জনসাধৰণক কি দিলে তাক বিবেচনা কৰি ভোট দিবলৈ আহ্বান জনালে । আনহাতে, জনসাধৰণক কংগ্ৰেছক ৫ বছৰ সময় দি চাবলৈও আহ্বান জনোৱাৰ উপৰিও বিজেপিক তীব্ৰভাৱে সমালোচনা কৰিলে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ।

উল্লেখযোগ্য যে বৰক্ষেত্ৰীত অনুস্থিত হোৱা এই নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ লগত উপস্থিত থাকে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দুলু আহমেদকে ধৰি কেইবাজনো কংগ্ৰেছ নেতা ।

Slug=Babita Sarma At Mukalmua...6April...
Story FTP

#বৰক্ষেত্ৰীত কংগ্ৰেছৰ নিৰ্বাচনী প্ৰচাৰ#
#বিজেপি প্ৰাৰ্থী কুইন ওজাৰ শিক্ষাগত অৰ্হতাক লৈ প্ৰতিক্ৰিয়া কংগ্ৰেছ প্ৰাৰ্থী শৰ্মাৰ#

V.O=ৰাজ্যৰ চৌদিশে এতিয়া নিৰ্বাচনী গৰম বতাহ ৷ ভোটাৰ ৰাইজক আকৰ্ষণ কৰিবলৈ দিনে নিশাই ৰাজনৈতিক দল সমূহে চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ l কংগ্ৰেছ দলও পিছ পৰি ৰোৱা নাই নিৰ্বাচনী প্ৰচাৰত ৷ 7 নং গুৱাহাটী লোকসভা সমষ্টিৰ কংগ্ৰেছৰ দলৰ প্ৰাৰ্থী ববিতা শৰ্মাই আজি সমষ্টিটোৰ অন্তৰ্গত এসময়ৰ কংগ্ৰছৰ দূৰ্গ বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ আদাবাৰী, লোহাৰকাঠা, মুকালমুৱা, ৰামপুৰ আদিকে ধৰি সমষ্টিটোৰ বিভিন্ন ঠাইত সৰু সৰু সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ কৰ্মীসকলক উৎসাহিত কৰাৰ লগতে নিৰ্বাচনী প্ৰচাৰ চলোৱা দেখা গ'ল ৷ বৰক্ষেত্ৰীৰ মুকালমুৱাৰ ৰাজীৱ ভৱনত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী সভাত প্ৰাৰ্থী গৰাকীয়ে অংশগ্ৰহণ কৰি বিজেপিক তীব্ৰ সমালোচনা কৰা দেখা যায় আৰু লগতে প্ৰাৰ্থী গৰাকীয়ে বিপুল ভোটত জয়লাভ কৰিব বুলি কয় l উল্লেখযোগ্য যে প্ৰাৰ্থী গৰাকীৰ লগত  আজি নিৰ্বাচনী প্ৰচাৰত সংগ দিয়ে প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মন, অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক দুলু আহমেদকে ধৰি কেইবাজনো কংগ্ৰেছ নেতাই ৷

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.