নলবাৰী, ১১ মাৰ্চ : সম্প্ৰতি এখন বিয়াই ৰাজ্যজুৰি বিশেষ চৰ্চা লাভ কৰিছে । নলবাৰী জিলাৰ গোপাল বজাৰৰ সুৰাসক্ত দৰা প্ৰসেনজিৎ হালৈয়ে হোমৰগুৰিতেই শুই যোৱা ঘটনাক লৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে । পিছে এই সমগ্ৰ ঘটনাক ষড়যন্ত্ৰ আখ্যা দিছে দৰাৰ মাতৃ আৰু পৰিয়ালে । দৰাক কোনো লোকে নিচাজাতীয় দ্ৰব্য সেৱন কৰোৱাৰ অভিযোগ পৰিয়ালৰ । আনহাতে কইনাৰো আনৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ অভিযোগ পৰিয়ালৰ (Nalbari drunken groom mother reaction)।
দৰা প্ৰসেনৰ মাতৃৰ অভিযোগ মতে দৰাৰ লগত যোৱা কোনো বন্ধুৱে তাক নিচাজাতীয় দ্ৰব্য খুৱাইছে (Drunken groom in Nalbari)। নহ'লে প্ৰসেনৰ তেনেকুৱা অৱস্থা নহয় । মাতৃৰ মতে দৰাই মদ খালে খঙত থাকিলেহেতেন । কিন্তু তাৰ দেহত ততেই নাছিল । দৰাই বাছত যাব বিচাৰিছিল কিন্তু তাৰ বন্ধুৱে সজাই অনা সৰু চাৰিচকীয়াখনতহে উঠাই লৈ গৈছিল । দৰা প্ৰসেনৰ মাতৃৰ অভিযোগ মতে যেতিয়া দৰাই সৰু গাড়ীখনত গৈছিল তেতিয়া দৰাৰ ভনীয়েক জনীও আছিল সেইখন গাড়ীত ।
কিন্তু হঠাৎ কি খুৱাই দিলে প্ৰসেনক, যাৰ বাবে এনে এক পৰিৱেশৰ সৃষ্টি হ'ল । মাতৃয়ে কান্দি কান্দি অভিযোগ তুলিছে দৰাৰ বন্ধুকেইজনৰ ওপৰত । আনহাতে কইনাৰ অইন কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক থকাৰো গুৰুতৰ অভিযোগ কৰিছে দৰাৰ মাতৃয়ে । দৰাৰ মাতৃৰ মতে কইনাই বিয়াৰ পূৰ্বে এদিন দৰাৰ মাতৃক ফোন কৰি সুধিছিল তেওঁলোকৰ বিয়া হ'ব নে নহয় বুলি ।
আনহাতে কইনাৰ পৰিয়াল আৰু স্থানীয় লোকে দৰা প্ৰসেনক ৰভাতলীতে আক্ৰমণ কৰাৰো অভিযোগ কৰে মাতৃয়ে । যিগৰাকী কইনা ঘৰৰ ভিতৰৰ পৰা ওলাই নাহিল তেনে কইনাৰ সৈতে পুত্ৰৰ বিয়া নাপাতে বুলিও স্পষ্ট কৰি দিয়ে মাতৃয়ে । ইফালে কইনাৰ ভাতৃয়ে দৰাৰ ডিঙিৰ পৰা সোণৰ চেইন এডাল লৈ যোৱাৰো অভিযোগ দৰাৰ মাতৃৰ ।
দৰাৰ বেগ, সোণৰ চেইন সকলো কইনা পক্ষৰ লোকে লৈ যোৱাৰ অভিযোগ উত্থাপন কৰে দৰাৰ মাতৃয়ে । কইনা ঘৰে দৰা ঘৰৰ পৰা লোভত সকলো বস্তু আদায় কৰিহে কইনাই বিয়াত বহিবলৈ অস্বীকাৰ কৰা বুলিও অভিযোগ আনে দৰা প্ৰসেনৰ মাতৃয়ে । যাৰ বাবে শীঘ্ৰে দৰাৰ পৰিয়ালে আইনৰ কাষ চাপিব ।
লগতে পঢ়ক :Nalbari drunk groom: ঢলং-পলং দৰা বাগৰি পৰিল হোমৰ গুৰিত; বিয়া ভংগ