ETV Bharat / state

পুনৰ ডিটেনচন কেম্পত মৃত্যু কাৰাবন্দীৰ

author img

By

Published : Oct 26, 2019, 1:52 PM IST

ডিটেনচন কেম্পত বন্দি হৈ থকা বৰক্ষেত্ৰীৰ এজন লোকৰ মৃত্যু ৷ মৃত লোকজনৰ নাম ফালু দাস ৷ লোকজনৰ ঘৰ বৰক্ষেত্ৰীৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত চতেমাৰীত ৷ ২০১৭ চনৰ জুলাই মাহৰ পৰা গোৱালপাৰাৰ ডিটেনচন কেম্পত আছিল লোকজন ৷

ডিটেনচন কেম্পত বন্দি হৈ থকা বৰক্ষেত্ৰীৰ এজন লোকৰ মৃত্যু

নলবাৰী,26অক্টোবৰঃ ডিটেনচন কেম্পত পুনৰ মৃত্যু হ'ল বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰা এজন ব্যক্তিৰ ৷ মৃত লোকজন বৰক্ষেত্ৰীৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত চতেমাৰীৰ ফালু দাস ৷ ২০১৭ চনৰ জুলাই মাহৰ পৰা গোৱালপাৰাৰ ডিটেনচন কেম্পত বন্দী হৈ আছিল মৃত লোকজন ৷ ইপিনে পৰিয়ালৰ অভিযোগ মতে সকলো নথি পত্ৰ থকাৰ পিছতো বিদেশী সজাই ডিটেনচন কেম্পত বন্দী কৰি ৰাখিছিল মৃত ফালু দাসক ৷

ডিটেনচন কেম্পত বন্দি হৈ থকা বৰক্ষেত্ৰীৰ এজন লোকৰ মৃত্যু

উল্লেখ্য যে, ডিটেনচন কেম্পতে অসুস্থ হৈ পৰাত ফালু দাসক ১১ অক্টোবৰত গোৱালপাৰা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ পিছত উন্নত চিকিৎসাৰ বাবে যোৱা ১৩ অক্টোবৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰাইছিল ফালু দাসক ৷ কিন্তু চিকিৎসাধীন অৱস্থাতে শুকুৰবাৰে পুৱা মৃত্যু হয় লোকজনৰ ৷ ইফালে চিকিৎসালয়ত ফালু দাসে উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ তুলি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ কৰিছে ফালু দাসৰ পৰিয়ালে ৷ যাৰ বাবে মৃতদেহ চমজি লবলৈ অস্বীকাৰ কৰিছে পৰিয়ালৰ লোকসকলে ৷

nalbari
মৃত ফালু দাসৰ ভোটাৰ পৰিচয় পত্ৰ

Intro:ডিটেনচন কেম্পত বন্দি হৈ থকা বৰক্ষেত্ৰীৰ এজন লোকৰ মৃত্যু ৷Body:
মৃত লোকজনৰ নাম ফালু দাস (৭০) ৷
লোকজনৰ ঘৰ বৰক্ষেত্ৰীৰ মুকালমুৱা আৰক্ষী থানাৰ অন্তৰ্গত চতেমাৰীত ৷
গোৱালপাৰাৰ ডিটেনচন কেম্পত বন্দি হৈ আছিল লোকজন ৷
২০১৭ চনৰ জুলাই মাহৰ পৰা গোৱালপাৰাৰ ডিটেনচন কেম্পত আছিল লোকজন ৷
বিদেশী ন্যাধিকৰণে বিদেশীৰ বোজা জাপি দিছিল লোকজনক ৷
ডিটেনচন কেম্পতে অসুষ্ঠ হৈ পৰিছিল লোকজন ৷
পৰিয়ালৰ অভিযোগ সকলো নথি পত্ৰ থকাৰ পিছতো বিদেশী সজাই ডিটেনচন কেম্পত বন্দি কৰি ৰাখিছিল ফালু দাসক ৷
যোৱা ১১ অক্টোবৰত গোৱালপাৰা চিকিৎসালয়ত ভৰ্তি কৰাইছিল লোকজনক ৷
পিছত উন্নত চিকিৎসাৰ বাবে যোৱা ১৩ অক্টোবৰত GMCH ত ভৰ্তি কৰাইছিল ফালু দাসক ৷
কালি ৰাতিপুৱা GMCH ত মৃত্যু হয় লোকজনৰ ৷
চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ফালু দাসৰ পৰিয়ালৰ ৷
মৃতদেহ চমজি লৱলৈ অস্বীকাৰ পৰিয়ালৰ ৷
ডিটেনচন কেম্পত ফালু দাস অসুষ্ঠ হোৱাৰ কথা পৰিয়ালক জনোৱা হোৱা নাছিল বুলি অভিযোগ পৰিয়ালৰ ৷
GMCH ত ফালু দাসে উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত হোৱাৰ অভিযোগ পৰিয়ালৰ লোকৰ ৷
চতেমাৰী গাঁৱৰ মৎসজীৱী লোক আছিল ফালু দাস ৷
পৰিয়ালৰ লোকে মাতি সম্পত্তি বিক্ৰী কৰি আদালতত চলাই গৈছিল গোচৰ ৷Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.