নলবাৰী, 30 জুন : লক্ ডাউনৰ ফলত কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হৈছে জন-জীৱন ৷ তাৰ ওপৰতে আকৌ অত্যাৱশ্যকীয় সামগ্ৰীৰ বৰ্ধিত মূল্যই মাধমাৰ সোধাইছে জনতাৰ মূৰত ৷ আন্তঃৰাষ্ট্ৰীয় বজাৰত পেট্ৰ'পণ্যৰ মূল্য হ্ৰাস পোৱাৰ পিছতো কিন্তু ৰাজ্য ক্ৰমাগতভাৱে পেট্ৰল, ডিজেলৰ মূল্য বৃদ্ধি পাবলৈ ধৰিছে ৷ পেট্ৰ'পণ্যৰ আকাশলংঘী মূল্য বৃদ্ধিৰ বাবে মংগলবাৰে নলবাৰী চহৰৰ মাজমজিয়াত কেন্দ্ৰীয় পেট্ৰ'লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিকৃতি দাহ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ।
উল্লেখযোগ্য যে, কেন্দ্ৰীয় সমিতিৰ আহবান মৰ্মে এই কাৰ্যসূচী গ্ৰহণ কৰে সংগঠনটোৰ জিলা সমিতিয়ে । প্ৰতিকৃতি দাহ কৰি সংগঠনটোৱে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰাৰ দাবী তোলে ৷ অত্যাৱশ্যকীয় সামগ্ৰী আৰু খাৰুৱা তেলৰ বজাৰৰ মূল্যবৃ্দ্ধি ৰোধ কৰিব নোৱাৰাৰ বাবে চৰকাৰৰ ওপৰত এতিয়া খৰ্গহস্ত হৈ পৰিছে ৰাজ্যৰ দল-সংগঠন সমূহ ৷ সদৌ অসম ছাত্ৰসন্থাৰো বিভিন্ন জিলা সমিতি সমূহে ৰাজ্য চৰকাৰক অত্যাৱশ্যকীয় সামগ্ৰীৰ এই বৰ্ধিত হাৰ ৰোধৰ বাবে শেহতীয়াকৈ দাবী জনায় আহিছে ৷ ৰাইজৰ মংগলৰ গীত গোৱা চৰকাৰে এতিয়া মূল্য বৃদ্ধিৰ পৰা ৰাইজক সকাহ দিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰে সেইয়া লক্ষ্যণীয় হ'ব ৷