ETV Bharat / state

ক'ৰণা নিয়ন্ত্ৰণৰ উদ্দেশ্যে নলবাৰী জিলা প্ৰশাসনৰ নতুন নিৰ্দেশাৱলী - কাৰ্যকৰী

মহামাৰী ক'ৰণাৰ ক্ৰমশ: বৰ্ধিত সংক্ৰমণৰ হাৰে দেশ তথা ৰাজ্যৰ লগতে নলবাৰী জিলাতো ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি কৰি আহিছে । এনে এক জৰুৰীকালিন সময়ত ক'ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰাৰ বাবে নলবাৰী জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলাখনৰ নলবাৰী পৌৰসভা আৰু টিহু টাউন কমিটী এলেকাত দোকানসমূহ খোলা ৰখাৰ বাবে কিছুমান নিৰ্দেশনা জাৰি কৰিছে ।

ক'ৰণা নিয়ন্ত্ৰণৰ উদ্দেশ্যে নলবাৰী জিলা প্ৰশাসনৰ নতুন নিৰ্দেশাৱলী
author img

By

Published : Jul 22, 2020, 8:55 PM IST

নলবাৰী,২২ জুলাই: নলবাৰী জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে জিলাখনৰ নলবাৰী পৌৰসভা আৰু টিহু টাউন কমিটী এলেকাত দোকানসমূহ খোলা ৰখাৰ বাবে দিয়া নিৰ্দেশনা সমূহ নলবাৰী পৌৰসভা আৰু টাউন কমিটীৰ কাৰ্যবাহী বিষয়াৰ তত্বাবধানত কাৰ্যকৰী কৰা হ'ব।

সেই অনুসৰি ২৩ জুলাইৰ পৰা নলবাৰী পৌৰসভাৰ অধীনৰ সকলো দোকান বিকল্প দিনত প্ৰতিদিনে ৰাস্তাৰ এফালে খোলা থাকিব । অৰ্থাৎ প্ৰথম দিনা সোঁফালে থকা দোকানসমূহ খোলা থাকিব আৰু বাওঁফালে বন্ধ থাকিব । একে ধৰণে দ্বিতীয় দিনা বাওঁফালৰ দোকান খোলা ৰাখি সোফালৰ দোকান বন্ধ ৰাখিব লাগিব ।

সেইমৰ্মে নলবাৰী পৌৰসভা আৰু টাউন কমিটীয়ে সীমা নিৰ্ধাৰণ কৰি তৈয়াৰ কৰি দিয়া তালিকাখন হৈছে,

  • এল এন বি ৰ'ডৰ জৈন মন্দিৰৰ পৰা আৰম্ভ কৰি কলেজ ৰ'ডলৈ
  • বৰুৱা ৰ'ডৰ পি এন চি ৰ'ডৰ পৰা নাগেৰা চ'কলৈ
  • ভকতপাৰা ৰ'ডৰ নাগেৰা চ'কৰ পৰা দেৱীৰাম পাঠশালা হাইস্কুললৈ
  • হাজো ৰোডৰ থানা চ'কৰ পৰা চ'ক বজাৰলৈ
  • এন টি ৰ'ডৰ খাতাবাৰী মছজিদৰ পৰা থানা চ'কলৈ
  • বৰমা ৰ'ডৰ মছজিদ চ'কৰ পৰা বৰকুৰা চ'কলৈ
  • আৱৰ্ত ভৱন পথৰ বৰমা ৰ'ডৰ পৰা পল্লা ৰ'ডলৈ
  • পল্লা ৰ'ডৰ থানা চ'কৰ পৰা প্ৰেমদা হোটেললৈ
  • হাটখোলা বজাৰ ৰ'ডৰ এল এন বি ৰ'ডৰ পৰা পি এন চি ৰ'ডলৈ
  • বিকল্প পথ তপন ডেকা নাৰ্ছিং হ'মৰ পল্লা ৰ'ডৰ পৰা হাজো ৰ'ডলৈ
  • ভাৰতীয় চিনেমা হল ৰ'ডৰ পৰা দেৱীৰাম হাইস্কুললৈ
  • মাধৱ মন্দিৰ পথৰ বন বিভাগৰ কাৰ্যালয়ৰ পৰা আৰম্ভ কৰি নলবাৰী কলেজ বয়জ হোষ্টেললৈ
  • ৰেলৱে ষ্টেশ্যনৰ ষ্টেশ্যন ৰ'ডৰ পৰা জৈন মন্দিৰলৈ
  • সত্ৰ এম ভি স্কুলৰ পৰা প্ৰেমদা হোটেললৈ
  • জেইল ৰোডৰ ধমধমা ৰোডৰ পৰা ৰেলৱে ষ্টেশ্যনলৈ
  • বীৰেন গেৰেজৰ পৰা নলবাৰী কলেজলৈ আৰু কল্পনা ষ্টুডিঅ'ৰ পৰা কলেজ ৰ'ডলৈ

সোমবাৰৰ পৰা শুকুৰবাৰলৈ পুৱা ৭-০০ বজাৰ সন্ধিয়া ৭-০০ বজালৈ এই নিয়ম অনুসৰি দোকানসমূহ খোলা থাকিব । অৱশ্যে ফাৰ্মাচী ,চিকিৎসা সামগ্ৰী আৰু ঔষধৰ পাইকাৰী দোকানসমূহ ৰাস্তাৰ সোঁ-বাঁও দুয়োফালেই খোলা থাকিব । তাৰোপৰি ফাৰ্মাচীসমূহ সপ্তাহৰ সকলো দিনেই খোলা থাকিব ।

লগতে চাওকঃ ভাৰত-বাংলা সীমান্তত অব্যাহত কালো নদীৰ খহনীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.