ETV Bharat / state

কৰ'ণা প্ৰতিৰোধৰ বাবে সাজু নলবাৰী জিলা প্ৰশাসন

author img

By

Published : May 7, 2021, 7:09 AM IST

মহামাৰী কৰ'ণাক ৰোধিবলৈ মাৰ বান্ধি ঠিয় দিছে ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰশাসন ৷ আন আন জিলাৰ সমান্তৰালকৈ নলবাৰী জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগো সাজু হৈছে ক'ভিড-১৯ ক প্ৰতিৰোধ কৰিবলৈ ৷ জিলাখনৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়কে ধৰি আন চাৰিখন চিকিৎসালয় সাজু কৰি তুলিছে ক'ভিড ৰোগীৰ বাবে ৷

কৰ'ণা প্ৰতিৰোধৰ বাবে সাজু হৈছে নলবাৰী জিলা প্ৰশাসন

নলবাৰী,7 মে': ক্ৰমাৎ ভয়াৱহ হৈ পৰিছে ৰাজ্যৰ ক'ভিড পৰিস্থিতি ৷ বিগত বছৰতকৈও অধিক ভয়াৱহ হৈছে এইবেলিৰ পৰিস্থিতি ৷ যাৰ বাবে উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ ৷ মহামাৰী কৰ'ণাক ৰোধিবলৈ ৰাজ্য চৰকাৰে তাৎকালিনভাৱে বলৱৎ হোৱাকৈ জাৰি কৰিছে কেতবোৰ নীতি-নিৰ্দেশনা ৷ কৰ'ণাক প্ৰতিৰোধ কৰাৰ বাবে মাৰ বান্ধি ঠিয় দিছে ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰশাসন ৷ আন আন জিলাৰ সমান্তৰালকৈ নলবাৰী জিলা প্ৰশাসন তথা জিলা স্বাস্থ্য বিভাগো সাজু হৈছে ক'ভিড-১৯ ক প্ৰতিৰোধ কৰিবলৈ ৷

উল্লেখ্য যে, জিলাখনৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়, বেলশৰ আদৰ্শ চিকিৎসালয়, খাতিকুছি আদৰ্শ চিকিৎসালয়,আদাবাৰী আদৰ্শ চিকিৎসালয় আৰু মাখিবাহা আদৰ্শ চিকিৎসালয়ক ক'ভিড চিকিৎসালয় হিচাপে গঢ়ি তোলা হৈছে । ইয়াৰে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 100 খন আছুতীয়া বিচনা ক'ভিড ৰোগীৰ বাবে সাজু থকাৰ লগতে ইয়াত মজুত আছে 125 টা অক্সিজেন চিলিণ্ডাৰ, 5 খন আইচিইউ বিচনা ৷ তাৰোপৰি 27 টা ভেন্টিলেশ্যনৰ ব্যৱস্থা আছে চিকিৎসালয়খনত ।

সেইদৰে বেলশৰ আদৰ্শ চিকিৎসালয়ত থকা 45 খন বিচনাৰ 30 খনত ক'ভিড ৰোগী চিকিৎসাধীন হৈ আছে ৷ তদুপৰি 11 টা অক্সিজেন চিলিণ্ডাৰ মজুত আছে চিকিৎসালয়খনত । ইফালে খাতিকুছি আদৰ্শ চিকিৎসালয়ত 45 খন বিচনা আৰু 12 টা অক্সিজেন চিলিণ্ডাৰ মজুত ৰখাৰ লগতে আদাবাৰী আদৰ্শ চিকিৎসালয়ত 45 খন বিচনা আৰু 3টা অক্সিজেন চিলিণ্ডাৰ মজুত আছে । আনহাতে মাখিবাহা আদৰ্শ চিকিৎসালয়ত 45 খন বিচনাৰ 10 খন বিচনাত ক'ভিড ৰোগী চিকিৎসাধীন হৈ আছে আৰু ইয়াত অক্সিজেন চিলিণ্ডাৰ মজুত আছে 5 টা ।

উল্লেখযোগ্য যে, নলবাৰীত প্ৰথম অৱস্থাত 3754 গৰাকী লোক ক'ভিড আক্ৰান্ত হিচাপে চিনাক্ত হৈছিল যদিও বৰ্তমান নতুনকৈ হোৱা সংক্ৰমণৰ পিচত বৃহস্পতিবাৰৰ দিনটোলৈ 1674 গৰাকী লোক নতুনকৈ ক'ভিডত আক্ৰান্ত হৈছে ৷ দ্বিতীয় ঢৌত ৰেপিড এন্টিজেন টেষ্ট কৰা হৈছে লোকৰ সংখ্যা হৈছে 43410 গৰাকী আৰু আৰটিপিচিআৰ টেষ্ট কৰা লোকৰ সংখ্যা হৈছে 862 গৰাকী ৷

বৰ্তমানেও জিলা স্বাস্থ্য বিভাগৰ হাতত 382 টা পিপিই কীট, 1,20,000 খন 3 তৰপীয়া মাস্ক, 7500 খন N-95 মাস্ক, 3250 টা ৰেপিড এন্টিজেন্ট টেষ্ট সঁজুলি আৰু 2800 টা ভিটি এম মজুত আছে । সম্প্ৰতি জিলাখনত 16494 গৰাকী 45 বছৰ আৰু ইয়াতকৈ বেছি বয়সৰ লোকক প্ৰথম পালি প্ৰতিষেধক আৰু 1576 গৰাকী লোকক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে ।

আনহাতে, 60 বছৰ আৰু ইয়াৰ ওপৰৰ 12716 গৰাকী লোকক প্ৰথম পালি প্ৰতিষেধক আৰু 1927 গৰাকী লোকক দ্বিতীয় পালি প্ৰতিষেধক দিয়া হৈছে । ইয়াৰ ভিতৰত ক'ভিশ্বিল্ড প্ৰতিষেধকৰ প্ৰথম পালি 43815 গৰাকী লোকক আৰু দ্বিতীয় পালি 10565 গৰাকী লোকক দিয়া হৈছে । আনহাতে, ক'ভাক্সিন প্ৰতিষেধকৰ প্ৰথম পালি 3536 গৰাকী লোকক প্ৰদান কৰাৰ লগতে 1084 গৰাকী লোকক দ্বিতীয় পালি প্ৰতিষেধক প্ৰদান কৰা হৈছে ৷

লগতে পঢ়ক: বৰপেটাৰোডত আৰক্ষীয়ে লৈ গ’ল ব্যৱসায়িক প্ৰতিষ্ঠানৰ দগা-পাল্লা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.