ETV Bharat / state

Nalbari District Day : এদিনীয়া কাৰ্যসূচীৰে নলবাৰী নাট্য মন্দিৰত উদযাপন নলবাৰী জিলা দিৱস

author img

By

Published : Aug 14, 2023, 9:20 PM IST

সোমবাৰে দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় নলবাৰী জিলা দিৱস ৷ অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, স্থানীয় মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, জিলা উপায়ুক্ত বৰ্নালী ডেকা, আৰক্ষী অধীক্ষক সুধাকৰ সিঙকে ধৰি জিলা প্ৰশাসনৰ বিষয়ববীয়া তথা বহু বিশিষ্ট ব্যক্তি ৷

Nalbari District Administration
নলবাৰী জিলা দিৱস
নলবাৰী নাট্য মন্দিৰত উদযাপন নলবাৰী জিলা দিৱস

নলবাৰী, 14 আগষ্ট : আজি নলবাৰী জিলা দিৱস ৷ 1985 চনৰ 14 আগষ্ট অৰ্থাৎ আজিৰ এই দিনটোতেই কামৰূপ জিলাৰ নলবাৰী মহকুমাক জিলালৈ উন্নীতকৰণৰ ঘোষণা কৰা হৈছিল ৷ অবিভক্ত কামৰূপ জিলাৰ নলবাৰী মহকুমাই নলবাৰী জিলাৰ ৰূপ পোৱা এই দিনটোতে ৰাজ্য চৰকাৰৰ নিৰ্দেশ মৰ্মে উদযাপন কৰা হয় জিলা দিৱস ৷

এদিনীয়া বৰ্ণাঢ্য তথা দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় নলবাৰী জিলা দিৱস ৷ ৰাজ্য চৰকাৰৰ নিৰ্দেশত নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত সোমবাৰে নলবাৰী নাট্যমন্দিৰত উদযাপন কৰা হয় দিৱসটি ৷ এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, স্থানীয় মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, জিলা উপায়ুক্ত বৰ্ণালী ডেকা, আৰক্ষী অধীক্ষক সুধাকৰ সিঙকে ধৰি জিলা প্ৰশাসনৰ বিষয়ববীয়া তথা জিলাখনৰ শৈক্ষিক, সামাজিক বিভিন্ন ক্ষেত্ৰৰ বহু বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক : Manoranjan Talukdar vocal against Ranjit kumar Das:বিজেপিৰ নেতাক কূপমণ্ডুক আখ্যা মনোৰঞ্জন তালুকদাৰৰ

পুৱা পতাকা উত্তোলন কাৰ্যসূচীৰে আৰম্ভ হোৱা জিলা দিৱসৰ কাৰ্যসূচীৰ পিছত দুপৰীয়া নাট্যমন্দিৰত জিলাখনক প্ৰতিনিধিত্ব কৰি ৰাজ্য, দেশ তথা বিশ্বৰ বিভিন্ন প্ৰান্তত থকা নলবৰীয়া সকলৰ সৈতে ভিডিও’ কনফাৰেন্সিং যোগে এক মনোজ্ঞ আলোচনা অনুষ্ঠিত হয় ৷ বিহংগম দৃষ্টিকোণেৰে নলবাৰীৰ সমাজ আৰু উত্তৰণৰ গতিধাৰা শীৰ্ষক এই আলোচনাত ভাৰ্চুৱেলী অংশ লয় ৰাজ্য, দেশ তথা জিলাৰ বাহিৰত বাস কৰা বহুকেইজন বিশিষ্ট ব্যক্তিয়ে ৷

এই অনুষ্ঠানৰ অন্তত সাংবাদিকৰে হোৱা মত বিনিময়ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু সাংসদ দিলীপ শইকীয়াই জিলা দিৱসক লৈ নিজৰ মত ব্যক্ত কৰে ৷ নলবাৰী জিলাখনক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত চৰকাৰ তথা প্ৰশাসনে গ্ৰহণ কৰা কিছু পৰিকল্পনাৰ কথা উল্লেখ কৰে নেতা দুজনে ৷

লগতে পঢ়ক : Constituency Delimitation: স্বাধীনতা দিৱসৰ ভাষণত মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিব পুনৰ নিৰ্ধাৰিত সমষ্টিবোৰত পৰৱৰ্তী কাম-কাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.