নলবাৰী, 18 মাৰ্চ : নলবাৰীত নিৰ্বাচনী কৰ্তব্য পালনত অসমৰ্থ শিক্ষক-কৰ্মচাৰীলৈ আহিছে নতুন বিপদ । শাৰীৰিক অসুস্থতাৰ বাবে নলবাৰীৰ কেইবাজনো শিক্ষক-কৰ্মচাৰীয়ে বিধিগত প্ৰক্ৰিয়া অনুসৰি নিৰ্বাচনী কৰ্তব্য পালনত অসমৰ্থ সম্পৰ্কত উপায়ুক্তক আবেদন যোগে জনাইছিল এই সকল শিক্ষক কৰ্মচাৰীয়ে । আবেদন পোৱাৰ পিছত উপায়ুক্তই মেডিকেল বোৰ্ড গঠন কৰি স্বাস্থ্য পৰীক্ষা কৰে এই সকল শিক্ষক কৰ্মচাৰীৰ ।
![nalbari dc letter to secondary education department for 17 employees vrs](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-nlb-02-18mar-teacer-face-new-probrelm-v-as10004_18032021114224_1803f_1616047944_15.jpg)
চিকিৎসকেও অসুস্থতাৰ প্ৰমান পত্ৰ দিয়াৰ পিছত উপায়ুক্ত পুৰবী কোঁৱৰে ললে কঠোৰ সিদ্ধান্ত । শাৰীৰিক ভাবে অসুস্থ হৈ থকা এই সকল শিক্ষক কৰ্মচাৰীক বাধ্যতামূলক ভাৱে স্বেচ্ছামূলক অৱসৰ দিবলৈ শিক্ষা বিভাগলৈ পত্ৰ প্ৰেৰণ কৰে ।
![nalbari dc letter to secondary education department for 17 employees vrs](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-nlb-02-18mar-teacer-face-new-probrelm-v-as10004_18032021114224_1803f_1616047944_561.jpg)
এই পত্ৰই এতিয়া জোকাৰিছে নলবাৰী । উপায়ুক্তৰ এনে কঠোৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছে নলবাৰী জিলা ছাত্ৰ সন্থাই । এই সিদ্ধান্ত বাতিল কৰিবলৈ দাবী জনাই নলবাৰী জিলা ছাত্ৰ সন্থাই উপায়ুক্ত পুৰবী কোঁৱৰৰ হাতত এখন স্মাৰক পত্ৰও প্ৰদান কৰিছে ।
লগতে পঢ়ক: ডিমা হাছাও জিলাত পঞ্চায়ত ৰাজ প্ৰৱৰ্তন নহয়: দেৱলাল গাৰ্লচা