ETV Bharat / state

জৰাজীৰ্ণ পথে হাৰাশাস্তি ভোগাইছে নলবাৰীৰ চাউলখোৱাপাৰবাসীক - যাতায়াতৰ নামত যমৰ যাতনা

যাতায়াতৰ নামত যমৰ যাতনা ভুগিবলগীয়া হৈছে নলবাৰীৰ চাউলখোৱাপাৰৰ ৰাইজে । এজাক বৰষুণতে বোকাৰে উপচি বিধ্বস্ত ৰূপ লয় পথটোৱে । ৰাইজৰ বাৰম্বাৰ আহ্বানৰ পাচতো আজি পৰ্যন্ত মেৰামতি নহ'ল চাউলখোৱাপাৰ আৰু বৈঠাভাঙা সংযোগী পথ।

নলবাৰীৰ চাউলখোৱাপাৰত পথৰ জৰাজীৰ্ণ অৱস্থা

author img

By

Published : Sep 29, 2020, 1:15 PM IST

নলবাৰী, ২৯ছেপ্টেম্বৰ : পথ নহয়, যেন বোকাময় পথাৰহে । নলবাৰীৰ চাউলখোৱাপাৰৰ এটা বিধ্বস্ত পথে দুৰ্ভোগ ভোগাইছে ৰাইজক । চাউলখোৱাপাৰ আৰু বৈঠাভাঙা সংযোগী একমাত্ৰ পথটো বিগত ৪ বছৰ ধৰি জৰাজীৰ্ণ অৱস্থাতে আছে । এজাক বৰষুণতে বোকাময় হৈ পৰা পথটোৰে যাতায়াত কৰিব নোৱাৰা হয় স্থানীয় ৰাইজে । পথটো মেৰমতিৰ বাবে স্থানীয় বিধায়ক তথা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক বাৰে বাৰে অনুৰোধ জনোৱাৰ পিছতো একো ফল নধৰিলে ।

নলবাৰীৰ চাউলখোৱাপাৰত পথৰ জৰাজীৰ্ণ অৱস্থা

ৰাইজৰ আহ্বানৰ প্ৰতি কাণসাৰ নাই মন্ত্ৰীৰ । ফলত যাতায়াতৰ নামত হাৰাশাস্তি ভূগিবলগীয়া হৈছে অঞ্চলবাসীয়ে । বিদ্যালয়লৈ অহা-যোৱা কৰা কণ কণ ছাত্ৰ-ছাত্ৰীয়েও এই পথটোৰ বাবে যমৰ যাতনা ভুগিবলগীয়া হৈছে । সেয়ে, পথটো মেৰামতিৰ বাবে পুনৰ চৰকাৰক আহ্বান জনাইছে অঞ্চলবাসীয়ে ।

লগতে পঢ়ক : বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ দেৱ শৰ্মাক ৰাজহুৱা সম্বৰ্ধনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.