নলবাৰী, 9 মে': নলবাৰীৰ বাসিন্দা গুৱাহাটী দন্ত মহাবিদ্যালয় হাস্পতালৰ কনিষ্ঠ চিকিৎসক এগৰাকীৰ দেহত COVID-19ৰ অৱস্থিতি ধৰা পৰাৰ পিচতে, পুনৰ আতংকিত হৈ পৰিছে স্থানীয় লোক । নলবাৰীৰ দাহুদীৰ বাসিন্দা কনিষ্ঠ চিকিৎসক গৰাকীৰ পিতৃ-মাতৃয়ে জানিবলৈ দিয়া মতে, বৰ্তমান সুস্থ কৰ'ণা আক্ৰান্ত চিকিৎসকগৰাকী । পৰিয়ালৰ সৈতে ফোনযোগে যোগাযোগ চলি আছে চিকিৎসক গৰাকীৰ ।
উল্লেখ্য যে, বৰ্তমান কোৱাৰেণ্টাইনত থকা চিকিৎসগৰাকীৰ কাপোৰ-কানিকে ধৰি কিছু সমস্যা হোৱাৰ কথা সদৰি কৰিছে পিতৃ-মাতৃয়ে । যাৰ বাবে তেওঁৰ পিতৃ-মাতৃয়ে চৰকাৰলৈ অনুৰোধ জনাইছে, চিকিৎসা সেৱাৰ লগত জড়িত লোকসকলৰ বাবে চৰকাৰে উচিত ব্যৱস্থা প্ৰদান কৰিব লাগে ।
লগতে পঢ়কঃ ণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা গুৱাহাটী দন্ত মহাবিদ্যালয়ৰ চিকিৎসালয় এলেকা