নলবাৰী, ৪ জানুৱাৰী: নলবাৰীত সোমবাৰে জিলা কংগ্ৰেছ কমিটীৰ উদ্যোগত স্মৃতিচাৰণ সভা আৰু সৰ্ব ধৰ্ম প্ৰাৰ্থনা অনুষ্ঠানৰ আয়োজন কৰা হয়। আজিৰ দিনটোতে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চিতাভস্ম লৈ নলবাৰীত উপস্থিত হয় শান্তি সম্ভাৱনা দল । নলবাৰীৰ গৰ্ডন স্কুল খেলপথাৰত আয়োজিত অনুষ্ঠানত কংগ্ৰেছ কৰ্মীসকলৰ লগতে বিভিন্ন দল সংগঠনৰ কৰ্মকৰ্তাই অংশগ্ৰহণ কৰে । সকলোৱে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ কৰ্মজীৱনৰ স্মৃতি ৰোমন্থন কৰে। অনুষ্ঠানত অংশ লৈ পিতৃক স্মৰণ কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে পুত্ৰ গৌৰৱ গগৈয়ে ।

আনহাতে,অজন্তা নেওগৰ বিজেপি গমন সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে কয় যে,অজন্তা নেওগে কংগ্ৰেছ দলত যি ধৰণে সন্মান লাভ কৰিছিল,সেই সন্মান বিজেপি দলত কেতিয়াও নাপায় । লগতে বিজেপিক সন্মান দিব নজনা দল বুলিও মন্তব্য কৰে সাংসদগৰাকীয়ে ।