ETV Bharat / state

নলবাৰীৰ যুৱকে প্ৰস্তুত কৰি উলিয়ালে 40 কিল'গ্ৰাম ওজনৰ দুখনকৈ কিতাপ - Nalbari boy has made 2 books weight 40 KG'S

যুৱক জনে 2011 চনৰে পৰাই সংগ্ৰহ কৰি আহিছে কেইবাটাও ভাষাৰ বাতৰি কাকতত প্ৰকাশিত বহু গুৰুত্বপূৰ্ণ বাতৰি ৷

Nalbari boy has made 2 books weight 40 KG'S
নলবাৰীৰ যুৱকে প্ৰস্তুত কৰি উলিয়ালে 40 কিলোগ্ৰাম ওজনৰ দুখনকৈ কিতাপ
author img

By

Published : Sep 7, 2020, 2:30 PM IST

নলবাৰী, 7 ছেপ্তম্বৰ: প্ৰৱল ইচ্ছা শক্তিৰ দ্বাৰা মানুহে অসাধ্যও সাধন কৰিব পাৰে ৷ এইকথা পুনৰবাৰ প্ৰমাণ কৰি দেখুৱাইছে নলবাৰীৰ বৰকুৰিহা গাওঁৰ এগৰাকী ব্যতিক্ৰমী চিন্তাধাৰাৰ যুৱকে ৷ যুৱক জনে বিভিন্ন কাকতত প্ৰকাশ পোৱা বাতৰি সংগ্ৰহ কৰি প্ৰস্তুত কৰি উলিয়াইছে প্ৰায় 40 কিল'গ্ৰাম ওজনৰ দুখনকৈ কিতাপ ৷ যুৱক জনে 2011 চনৰে পৰাই সংগ্ৰহ কৰি আহিছে কেইবাটাও ভাষাৰ বাতৰি কাকতত প্ৰকাশিত বিশিষ্ট ব্যক্তি ড0 ভূপেন হাজৰিকা, মামণি ৰয়চম গোস্বামীৰ মহাপ্ৰয়াণৰ বাতৰিৰ লগতে বিভিন্ন শিল্পী, সাহিত্যিক, সাংবাদিক, অভিনেতা অভিনেত্ৰীৰ সন্দৰ্ভত প্ৰকাশিত বাতৰি ৷ এই কিতাপ দুখন চাবলৈ বৰ্তমান যুৱক জনৰ বাসগৃহত ভিৰ কৰিছেহি দূৰ-দূৰণিৰ বহু লোকে ৷ যুৱক জনৰ এনে ধৰণৰ ব্যতিক্ৰমী চিন্তাৰ শলাগ লৈছে অঞ্চলবাসীয়ে ৷

নলবাৰীৰ যুৱকে প্ৰস্তুত কৰি উলিয়ালে 40 কিলোগ্ৰাম ওজনৰ দুখনকৈ কিতাপ

উল্লেখ্য যে, জিলাখনৰ এইগৰাকী ব্যতিক্ৰমী চিন্তাধাৰাৰ বিমল ৰায়মেধিৰ সৰুৰেপৰাই হেঁপাহ আছিল বিভিন্ন ব্যতিক্ৰমী কাম কৰাৰ ৷ সেয়েহে 2011 চনৰে বহুকেইজন বিশিষ্ট ব্যক্তিৰ বিষয়ে প্ৰকাশ পোৱা বাতৰি সমূহ সংগ্ৰহ কৰি আহিছে যুৱক জনে ৷ ড৹ ভূপেন হাজৰিকাৰ মহাপ্ৰয়াণৰ সময়ছোৱাত বহু বাতৰিকাকত বিশিষ্ট শিল্পী গৰাকীৰ সন্দৰ্ভত প্ৰকাশিত বাতৰি মজুত আছে এইগৰাকী যুৱকৰ হাতত ৷ আঞ্চলিক ভাষাৰ কাকতৰ পৰা আৰম্ভ কৰি ৰাষ্ট্ৰীয়, আন্তঃৰাষ্ট্ৰীয় ভাষাৰ কাকতত প্ৰকিশিত বহু গুৰুত্বপূৰ্ণ বাতৰি উপলদ্ধ এই গৰাকী যুৱকৰ হাতত ৷ যুৱকজন পেছাত এটা ব্যক্তিগত কোম্পানীত কৰ্মৰত হৈ আছিল যদিও লক ডাউনৰ বাবে বৰ্তমান ঘৰতে বিভিন্ন ব্যক্তিৰ কাকত সমূহ সংগ্ৰহ কৰি আছে যুৱকজনে ৷ লগতে এইবাৰ তৃতীয় খন গ্ৰন্থৰ বাবে বিভিন্ন ধৰণে প্ৰস্তুতি চলাই গৈছে যুৱকজনে ৷

লগতে পঢ়কঃ ৰাইজে গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিলে ৰিং বান্ধ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.