ETV Bharat / state

6 দিনীয়া কাৰ্যসূচীৰে "নলবাৰী গ্ৰন্থমেলা"

author img

By

Published : Dec 3, 2019, 9:57 PM IST

১২ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ ৬ দিনীয়া কাৰ্যসূচীৰে নলবাৰী নাট্য মন্দিৰ আৰু শ্বহীদ ভৱন বাকৰিত অনুষ্ঠিত হ'ব নলবাৰী গ্ৰন্থমেলা ৷ এই গ্ৰন্থমেলাৰ উদ্ধোধন কৰিব অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড0 মালিনী গোস্বামীয়ে ৷

ETV BHARAT
6 দিনীয়া কাৰ্যসূচীৰে নলবাৰীত "নলবাৰী গ্ৰন্থমেলা"

নলবাৰী,3 ডিচেম্বৰ: নলবাৰী নাট্য মন্দিৰ আৰু শ্বহীদ ভৱন বাকৰিত ১২ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ ৬ দিনীয়াকৈ অনুষ্ঠিত হ'ব নলবাৰী গ্ৰন্থমেলা ৷ মঙলবাৰে এই সন্দৰ্ভত নলবাৰী নন্দেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত সম্বোধন কৰা হয় এখন সংবাদমেলৰ ৷ সংবাদমেলৰ আত ধৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য নিৰ্বাহক তথা গ্ৰন্থ মেলাৰ সম্পাদক ভৱজিৎ বেজবৰুৱাই ৷ আনহাতে গ্ৰন্থ মেলাৰ কাৰ্যসূচী সন্দৰ্ভত বিস্তাৰিত ভাৱে বৰ্ণনা কৰে নলবাৰীৰ জিলা উপাযুক্ত তথা নলবাৰী গ্ৰন্থমেলাৰ সভাপতি ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ৷

6 দিনীয়া কাৰ্যসূচীৰে নলবাৰীত "নলবাৰী গ্ৰন্থমেলা"

উল্লেখ্য যে, ১২ ডিচেম্বৰত উদ্ধোধনী অনুষ্ঠানত উদ্ধোধক হিচাপে উপস্থিত থাকিব অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড0 মালিনী গোস্বামী আৰু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বৰপেটা সত্ৰৰ বুঢ়া সত্ৰাধিকাৰ বশিষ্ঠ দেৱ শৰ্মা ৷ লগতে উপস্থিত থাকিব মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ, বিধায়ককে ধৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড0 সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে বিভিন্ন জন বিশিষ্ট ব্যক্তি ৷ আনহাতে ১৭ ডিচেম্বৰৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ লগতে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব বুলি জনাই আয়োজক মণ্ডলীয়ে ৷ লগতে সামৰণিৰ নিশা সাংস্কৃতিক সন্ধ্যত থাকিব তৰালী শৰ্মা আৰু দিগন্ত ভড়ালীৰ গীতৰ শৰাই ৷

Intro:নলবাৰীত ১২ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ নলবাৰী গ্ৰন্থমেলা।

Body:সমন্বয় নলবাৰী আৰু নলবাৰী জিলা প্ৰশাসনৰ উদ্যোগত নলবাৰী গ্ৰন্থমেলা ২০১৯ ৰ উদ্যোক্তাৰ সংবাদমেল।নলবাৰী নাট্য মন্দিৰ আৰু শ্বহীদ ভৱন বাকৰিত ১২ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰলৈ লগা ৬ দিনীয়া কৈ নলবাৰী গ্ৰন্থমেলাৰ আয়োজনক লৈ এখন সংবাদ মেল আয়োজন কৰে।নলবাৰী নন্দেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত আযোজন কৰা এই সংবাদমেলৰ আত ধৰে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্য্য নিৰ্বাহক তথা গ্ৰন্থ মেলাৰ সম্পাদক ভৱজিৎ বেজবৰুৱাই।আনহাতে গ্ৰন্থ মেলাৰ ওপৰত বিস্তাৰিত ভাৱে প্ৰকাশ কৰে নলবাৰী জিলা উপাযুক্ত নলবাৰী গ্ৰন্থমেলাৰ সভাপতি ভাৰত ভূষণ দেৱ চৌধুৰীয়ে।ইফালে ১২ ডিচেম্বৰত উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকিব উদ্ধোধন হিচাপে অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড' মালিনী গোস্বামী মুখ্য অতিথি হিচাপে উপস্থিত থাকিব বশিষ্ঠ দেৱ শৰ্মা বুঢ়া সত্ৰাধিকাৰ বৰপেটা সত্ৰ ,মঙ্গলদৈ লোকসভা সমষ্টিৰ সাংসদ দীলিপ শইকীয়া,বিধায়ক অশোক শৰ্মাকে প্ৰমুখ্যে কৰি সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড' সমুজ্বল কুমাৰ ভট্টাচাৰ্যৰ লগতে বিভিন্ন জন বিশিষ্ট ব্যক্তি উপস্থিত থাকিৱ ।

ইফালে গ্ৰন্থ মেলা বাকৰিত প্ৰতিদিনে বিভিন্ন ধৰণৰ অনুষ্ঠান থাকিব বুলি জনাই ।আনহাতে ১৭ ডিচেম্বৰৰ সামৰণি অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকিব।লগতে সামৰণিৰ নিশা তৰালী শৰ্মা আৰু দিগন্ত ভড়ালীয়ে সংগীত পৰিবেশন কৰিৱ।

আজি আযোজন কৰা সংবাদমেলত উপস্থিত থাকে উদ্যোক্তা হিমান বৰ্মন ,বৰভাগ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ফণীধৰ ডেকাৰ লগতে সাংবাদিক সকল উপস্থিত থাকে।

Conclusion:কৈলাস ডেকা, নলবাৰী

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.