ETV Bharat / state

Excessive collection of admission fees:মহাবিদ্যালয়ত নামভৰ্তিৰ নামত অত্যাধিক মাচুল সংগ্ৰহক লৈ চাঞ্চল্য - নামভৰ্তিৰ নামত অত্যাধিক মাচুল সংগ্ৰহক লৈ চাঞ্চল্য

নলবাৰীৰ বৰক্ষেত্ৰী মহাবিদ্যালয়ত অধ্যক্ষৰ মইমতালি । স্বৈৰাচাৰিতাৰে নামভৰ্তিৰ নামত ছাত্ৰ-ছাত্ৰীক হাৰাশাস্তি । বিনামূলীয়া নামভৰ্তিত ১৪৭০ টকা মাচুল সংগ্ৰহৰ বিৰুদ্ধে পৰিচালনা সমিতিৰ সভাপতিৰ লিখিত অভিযোগ ।

excessive collection of admission fees
মাচুল সংগ্ৰহক লৈ চাঞ্চল্য
author img

By

Published : Jul 11, 2023, 6:29 PM IST

মাচুল সংগ্ৰহক লৈ চাঞ্চল্য

নলবাৰী, ১১ জুলাই : শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত যাতে কোনো ছাত্ৰ-ছাত্ৰীৰ বাবে একোৱেই হেঙাৰ হ’ব নোৱাৰে তাৰ বাবে চৰকাৰে বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে ৷ দৰিদ্ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া নামভৰ্তিৰ পৰা আৰম্ভ কৰি বিদ্যালয় স্তৰত বিনামূলীয়া কিতাপ বিতৰণলৈকে চৰকাৰে শিক্ষাৰ দিশত সমাজক আগুৱাই নিবলৈ বহু কাম হাতত লৈছে ৷ কিন্তু কেৱল চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিলেই নহ’ব, চৰকাৰৰ লগতে জনসাধাৰণো ইয়াৰ প্ৰতি দায়িত্বশীল হ’ব লাগিব ৷

শেহতীয়াকৈ নলবাৰী জিলাৰ মুকালমুৱাৰ আগশাৰীৰ শিক্ষানুষ্ঠান বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ অধ্যক্ষ ভাস্কৰ কলিতাৰ মইমতালিক লৈ চলিছে ব্যপক চৰ্চা । অধ্যক্ষ ভাস্কৰ কলিতাই চৈৰাচাৰিতাৰে নামভৰ্তিৰ নামত ছাত্ৰ ছাত্ৰীৰ পৰা বিভিন্ন শিতানৰ নামত সংগ্ৰহ কৰিছে ১৪৭০ টকাকৈ । মঙলবাৰে বৰক্ষেত্ৰী মহাবিদ্যালয়ৰ প্ৰথম ষান্মাষিকৰ কলা শাখাৰ নামভৰ্তি আছিল ।

চৰকাৰে দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীক দিছে বিনামূলীয়া নামভৰ্তিৰ সুবিধা । বিনামূলীয়াকৈ নামভৰ্তি ল’বলৈ মহাবিদ্যালয়লৈ আহি হতবাক হৈ পৰে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱকসকল । অধ্যক্ষ ভাস্কৰ কলিতাৰ অনুমতিত মহাবিদ্যালয় কৰ্তৃপক্ষই বাধ্যতামূলকভাৱে প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ পৰা প্ৰচপেকটাছ ক্ৰয় কৰাৰ নামত ২০০ টকা আৰু কেইবাটাও শিতানৰ বাবদ ১২৭০ টকা লৈ মুঠ ১৪৭০ টকাকৈ সংগ্ৰহ কৰিছে ।

অধ্যক্ষ ভাস্কৰ কলিতাৰ এই মইমতালিত অতিষ্ঠ হৈ মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি ৰমেন তালুকদাৰে বৰক্ষেত্ৰী ৰাজহ চক্ৰ বিষয়াক উচিত তদন্তৰ বাবে লিখিত আবেদন দাখিল কৰিছে । উল্লেখ্য যে এইগৰাকী বিতৰ্কিত অধ্যক্ষ ভাস্কৰ কলিতাৰ বিৰুদ্ধে পূৰ্বতেও ৩০ লাখ টকাৰ বিত্তীয় খেলিমেলিৰ অভিযোগ উত্থাপন হৈছিল । উত্থাপিত অভিযোগৰ পিচত নিজকে নিৰ্দোষী সজাবলৈ গৈ পৰিচালনা সমিতিৰ লগত মতানৈক্য হোৱাত অধ্যক্ষ গৰাকীয়ে পতদ্যাগ পত্ৰ দাখিল কৰিছিল । অৱশ্যে উচ্চ শিক্ষা সঞ্চালকালয়ে সেই পদত্যাগ পত্ৰ গ্ৰহণ নকৰাত পুনৰ অধ্যক্ষ পদ গ্ৰহণ কৰিছিল বিতৰ্কিত অধ্যক্ষ ভাস্কৰ কলিতাই ।

লগতে পঢ়ক : Price Hike in Assam: চৰা দাম ! নলবাৰীত যোগান বিভাগৰ শ্মশান যাত্ৰা উলিয়ালে যুৱ ছাত্ৰ পৰিষদে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.