ETV Bharat / state

জিতু আলীয়ে দেখুৱালে সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ নিদৰ্শন

author img

By

Published : May 18, 2020, 12:41 PM IST

দেশৰ বিভিন্ন ঠাইত একাংশই সাম্প্ৰদায়িক অসহিষ্ণুতাৰ সৃষ্টি কৰি সামাজিক পৰিৱেশ কলুষিত কৰাৰ চেষ্টা কৰি থকাৰ সময়তে নলবাৰীৰ জিতু আলীয়ে দেখুৱালে সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ অনন্য নিদৰ্শন ।

muslim-youth-donated-blood-to-a-hindu-man
ৰোজা ভংগ কৰি দীপক শালৈক ৰক্তদান নলবাৰীৰ জিতু আলীৰ

নলবাৰী, 18 মে‘ : নলবাৰীত এজন ইছলামধৰ্মাৱলম্বী যুৱকে দিলে মহানুভৱতাৰ পৰিচয় । ৰোজা ভংগ কৰি হিন্দু ধৰ্মালৱম্বী লোকক কৰিলে ৰক্তদান । যুৱকজনৰ নাম জিতু আলী ৷ ঘৰ নলবাৰীৰ বৰভাগ ৰাজহ চক্ৰৰ অন্তৰ্গত বড়ি-দতৰাত । দেশৰ বিভিন্ন ঠাইত একাংশই সাম্প্ৰদায়িক অসহিষ্ণুতাৰ সৃষ্টি কৰি সামাজিক পৰিৱেশ কলুষিত কৰাৰ চেষ্টা কৰি থকাৰ সময়তে যুৱকজনে দেখুৱালে সম্প্ৰীতিৰ অনন্য নিদৰ্শন ।নলবাৰী চিভিল হস্পিতালত চিকিৎসাধীন অৱস্থাত থকা এজন হিন্দু ব্যক্তিক তেজৰ প্ৰয়োজন হোৱাত তেজ দান কৰে জিতুৱে ।

জিতু আলীয়ে দেখুৱালে সম্প্ৰীতি আৰু ভাতৃত্ববোধৰ নিদৰ্শন

গাঁৱখনৰে দীপক শালৈক জিতু আলীয়ে ৰমজানৰ ৰোজা ভংগ কৰি তেজ দান কৰে । সাম্প্ৰদায়িকতাৰ প্ৰাচীৰ ভাঙি যুৱকজনে দেখুওৱা এই মহানুভৱতাৰ শলাগ লৈছে সকলোৱে ।

লগতে পঢ়ক : লকডাউন 4.0ঃ 100 শতাংশ কৰ্মচাৰীৰে কাম কৰিব পাৰিব ৰাজ্যৰ কাৰ্যালয়সমূহে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.