নলবাৰী,২৬ চেপ্তেম্বৰ: নলবাৰীৰ মুকালমুৱাত চক্ৰধৰ ডেকা সোৱৰণী দশম বাৰ্ষিক ফুটবল প্ৰতিযোগিতাখনিৰ চূড়ান্ত খেলখন চাবলৈ আহি লোকে লোকাৰণ্য হৈ পৰে মুকালমুৱাৰ দেশভক্ত ময়দান(Chakradhar Deka Memorial Football Tournament) । মুকালমুৱা আঞ্চলিক ক্ৰীড়া সন্থাৰ দ্বাৰা পৰিচালিত চক্ৰধৰ ডেকা প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ ফাইনেল খেলখনত অৱতীৰ্ণ হৈছিল দিল্লী এফ চি আৰু চিৰাং দুৱৰা এফ চি দলে(Football Tournament at Nalbari) ।
দশম বাৰ্ষিক ফুটবল প্ৰতিযোগীতাৰ ফাইনেল খেলখনিৰ উদ্বোধন কৰে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই । সাংসদ ওজাই শুভ উদ্বোধন কৰা ফাইনেল খেল খন নিৰ্ধাৰিত সময়ত ১-১ গ'লত অমীমাংসিতভাৱে সমাপ্ত হয় । পৰৱৰ্তী সময়ত ট্ৰাইবেকাৰৰ সহায়ত দিল্লী এফ চি দলে জয়লাভ কৰি প্ৰতিযোগিতাৰ বিজয়ী খিতাপ অৰ্জন কৰে(Delhi FC wins Football Tournament in Mukalmua) ।
উত্তেজনাপূৰ্ণ ফাইনেল খেলখন উপভোগ কৰে সাংসদ কুইন ওজা, GMDAৰ অধ্যক্ষ নাৰায়ণ ডেকাকে ধৰি বহুকেইজন বিশিষ্ট লোকৰ লগতে অসংখ্য ক্ৰীড়াপ্ৰেমী ৰাইজে । উল্লেখযোগ্য যে প্ৰতিযোগিতাখনত পঞ্জাৱ, কেৰেলা, শ্বিলঙকে ধৰি দেশৰ কেবাটাও আগশাৰীৰ ফুটবল দলে অংশগ্ৰহণ কৰিছিল ।
লগতে পঢ়ক: বাক্সাত এনচিচি গোটৰ চাফাই অভিযান