ETV Bharat / state

Gunotsav 2022: নলবাৰীত শিক্ষকৰ ৰূপত সাংসদ দিলীপ শইকীয়া

author img

By

Published : Jun 2, 2022, 4:46 PM IST

Updated : Jun 2, 2022, 5:02 PM IST

ৰাজ্যত চলি থকা 'গুণোৎসৱ'ৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচীত নলবাৰীৰ ঘগ্ৰাপাৰ হাইস্কুলত শিক্ষকৰ ৰূপত দেখা গ'ল বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক(MP Dilip Saikia attend Gunotsav 2022) ৷

MP Dilip Saikia attend Gunotsav 2022 in Nalbari
Gunotsav 2022: নলবাৰীত শিক্ষকৰ ৰূপত সাংসদ দিলীপ শইকীয়া

নলবাৰী, 2 জুন : চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা পৰিচালিত 'গুণোৎসৱ'ৰ তৃতীয় পৰ্যায়ৰ কাৰ্যসূচীত বৃহস্পতিবাৰে নলবাৰীৰ ঘগ্ৰাপাৰ হাইস্কুলত শিক্ষকৰ ৰূপত দেখা গ'ল বিজেপি ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াক(MP Dilip Saikia attend Gunotsav 2022) ৷ লগতে সাংসদগৰাকীয়ে শিক্ষাৰ্থীৰ সৈতে সাংসদগৰাকীয়ে একেলগে গ্ৰহণ কৰিলে মধ্যাহ্ন ভোজন ।

ঘগ্ৰাপাৰ হাইস্কুলত চলি থকা গুণোৎসৱত অংশ লৈ শিক্ষকৰ ৰূপত অৱতীৰ্ণ হোৱা দেখা গ'ল সাংসদগৰাকীক । ৮৭০ গৰাকী শিক্ষাৰ্থীৰে পৰিবেষ্টিত বিদ্যালয়খনৰ শ্ৰেণীকোঠাত সোমাই শিক্ষাৰ্থীৰ সৈতে সাংসদগৰাকীয়ে কৰিলে মত বিনিময় । শিক্ষাৰ্থীক শুধিলে সাধাৰণ জ্ঞান সম্পৰ্কীয় ভিন্ন প্ৰশ্ন । লগতে শিক্ষাৰ্থীসকলেও দি গ'ল প্ৰতিটো প্ৰশ্নৰ উত্তৰ ।

শিক্ষাৰ্থীৰ সৈতে মত বিনিময় কৰাৰ উপৰিও সাংসদগৰাকীয়ে বিদ্যালয়খনৰ সমস্যাৰ সন্দৰ্ভতো বুজ লয় । তেওঁ বিদ্যালয়খনত সাংসদ পুঁজিৰে এটি চাইকেল ষ্টেণ্ড নিৰ্মাণ কৰি দিয়াৰ আশ্বাস প্ৰদান কৰাৰ লগতে NIDA(NABARD Infrastructure Development Assistance scheme) আঁচনিৰ অধীনত বিদ্যালয়খনৰ আন্তঃগাঁথনি নিৰ্মাণৰ বাবে তিনি কোটি টকা ধাৰ্য্য কৰা হ'ব বুলিও ঘোষণা কৰে ।

আনহাতে সাংসদগৰাকীয়ে বিদ্যালয়খনৰ দূৰ্বল শিক্ষাৰ্থীসকলক বিশেষভাৱে পাঠদানৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈকো শিক্ষসকলক আহ্বান জনায় । লগতে সাংসদগৰাকীয়ে আগন্তুক কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ নিৰ্বাচন সন্দৰ্ভতো মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হয় । তেওঁ‌ কয় যে, আগন্তুক নিৰ্বাচনত ২৬ খন আসনৰ ২৬ খনেই লাভ কৰি বিজেপিয়ে গঠন কৰিব কাৰ্বি আংলং স্বায়ত্ব পৰিষদ ।

লগতে পঢ়ক : Gunotsav 2022: টীয়কৰ প্ৰাথমিক বিদ্যালয়ত তৃতীয় পৰ্যায়ৰ গুণোৎসৱ

Last Updated : Jun 2, 2022, 5:02 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.