ETV Bharat / state

আৰ্থিক সাহাৰ্যৰ দাবীত ভ্ৰাম্যমাণ প্ৰযোজক সন্থাৰ সংবাদমেল

চৌদিশে ক’ৰণা (Corona) অতিমাৰীৰ প্ৰকোপ । এই পৰিৱেশৰ বাবে তচনচ হৈছে অসমীয়া সংস্কৃতি তথা অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন ৷ ক’ৰণা (Corona)ৰ পৰিস্থিতিৰ বাবে বিগত দুটা বছৰে বিধ্বস্ত হৈছে অসমৰ ভ্ৰাম্যমাণ নাট্যজগত (Mobile Theatre) । এই বিষয় সম্পৰ্কত নলবাৰীত সদৌ অসম ভ্ৰাম্যমাণ যাত্ৰাদল প্ৰযোজক সন্থাৰ সংবাদ মেল ।

আৰ্থিক সাহাৰ্য্যৰ দাবীত ভ্ৰাম্যমাণ প্ৰযোজক সন্থাৰ সংবাদমেল

author img

By

Published : Jun 16, 2021, 7:18 PM IST

নলবাৰী, 16 জুন : অসমৰ সাংস্কৃতিক জগতৰ এক স্বাভিমান স্বৰূপ ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগ (Mobile Theatre) ৷ বিশ্বৰ নাট্যক্ষেত্ৰৰ বাবে এটা চিনাকী নাম হৈছে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰ (Assam Mobile Theatre) ৷ চৌদিশে ক’ৰণা (Corona) ই কালৰূপ ধৰাৰ সময়তেই ভ্ৰাম্যমান জগতলৈ নামি আহিছে ঘোৰ অমানিশা ৷

নলবাৰীত সদৌ অসম ভ্ৰাম্যমাণ যাত্রা দল প্ৰযোজক সন্থাই আহ্বান কৰিছে এখন সংবাদমেল । এই সংবাদ মেলত অসমৰ সাতামপুৰুষীয়া সংস্কৃতি অসমৰ যাত্ৰাদল সমূহৰ প্ৰযোজক তথা নাট্যশিল্পী সকলৰ কৰুণ অ ৱস্থা সম্পৰ্কত ব্যক্ত কৰে প্ৰযোজক সন্থাই । অসমৰ এই যাত্ৰাদল তথা শিল্পী সকলৰ দুৰবস্থা দূৰীকৰণৰ স্বাৰ্থত অসমৰ ভ্ৰাম্যমাণ নাট্যদলৰ যাত্ৰাদলক পাঁচ লাখ টকাৰ আৰ্থিক সাহাৰ্য প্ৰদান কৰাৰ বাবে এই সংবাদমেলত দাবী উত্থাপন কৰে ভ্ৰাম্যমাণ প্ৰযোজক সন্থাই ।

একেদৰে যাত্ৰাদলৰ লগত জড়িত হৈ থকা নাট্যশিল্পীক বিশেষ আৰ্থিক অনুদান দিয়াৰ দাবী অসমৰ ভ্ৰাম্যমাণ যাত্ৰাদল প্ৰযোজক সন্থাৰ । অসমীয়া নাট্য সংস্কৃতিৰ মুল ভেটি যাত্ৰাদল সুৰক্ষিত কৰাৰ আহ্বান জনায় যাত্ৰাদল প্ৰযোজক শিল্পী সন্থাই ৷

আৰ্থিক সাহাৰ্য্যৰ দাবীত ভ্ৰাম্যমাণ প্ৰযোজক সন্থাৰ সংবাদমেল

ক'ৰণা (Corona)ৰ বাবে জাৰি কৰা লক ডাউনৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ২০২০-২১ বৰ্ষৰ নাট প্ৰদৰ্শন ৷ ভ্ৰাম্যমাণৰ মঞ্চত এসময়ত 'টাইটানিক'ৰ দৰে নাটকৰ প্ৰদৰ্শনে বিশ্বৰ নাট্য ক্ষেত্ৰত আলোড়নৰ সৃষ্টি কৰিছিল ৷ কিন্তু সম্প্ৰতি মহামাৰীয়ে ভাবুকিৰ সৃষ্টি কৰিছে উদ্যোগটোত ৷

ৰাজ্যৰ সাংস্কৃতিক জগতৰ পৰা চিৰদিনলৈ নোহোৱা হৈ যোৱাৰ আশংকাত ভুগিছে থিয়েটাৰ উদ্য়োগটো (Mobile Theatre) ৷ সমান্তৰালকৈ এই বিষয়ত উত্থাপিত হৈছে বহু প্ৰশ্ন ৷ অসমৰ অনন্য নাট পৰম্পৰাৰ বাহক ভ্ৰাম্যমাণ থিয়েটাৰ উদ্যোগলৈ বিপদ নামি আহিছে ৷

প্ৰথমে বিগত ২০১৯-২০ বৰ্ষত নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনে নাট প্ৰদৰ্শনত ব্যাঘাত জন্মোৱাৰ পিছত পৰৱৰ্তী সময়ত ক'ৰণাৰ বাবে জাৰি কৰা লক ডাউনৰ বাবে সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ২০২০-২১ বৰ্ষৰ নাট প্ৰদৰ্শন ৷উল্লেখ্য যে, ক'ভিডৰ সংক্ৰমণ হ্ৰাস হ'লে চলিত বছৰত ৫ মাহৰ বাবে হ'লেও নাট প্ৰদৰ্শন কৰিব পাৰিব বুলি আশাবাদী প্ৰযোজক গৰাকী ।

লগতে পঢ়ক:আৰ্থিক সমস্যাৰে ভাৰাক্ৰান্ত ৰাজ্যৰ টেণ্ট হাউছ উদ্যোগ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.