ETV Bharat / state

কংগ্ৰেছ আজমলৰ বি-টীম : জয়ন্ত মল্ল বৰুৱা

লখিমপুৰ কংগ্ৰেছ (Lakhimpur Congress)ক উভতি ধৰিছে বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা (Jayanta Malla Baruah)ই ৷ বৰ্তমানৰ বিজেপি চৰকাৰখন দৰাচলতে কংগ্ৰেছৰ চৰকাৰহে বুলি দিয়া লখিমপুৰ কংগ্ৰেছৰ মন্তব্যত বিধায়কগৰাকীয়ে কংগ্ৰেছক বদৰুদ্দিন আজমলৰ বি-টীম আখ্য়া দিয়ে ৷

jayanta malla baruah on congress
জয়ন্ত মল্ল বৰুৱাৰ প্ৰত্যুত্তৰ
author img

By

Published : Jul 26, 2021, 10:47 PM IST

নলবাৰী, 26 জুলাই : সোমবাৰে নলবাৰী জিলা কৰ্মচাৰী পৰিষদৰ সম্বৰ্ধনা সভাত অংশ লৈ লখিমপুৰ কংগ্ৰেছ (Lakhimpur Congress)ৰ মন্তব্যত প্ৰতিক্ৰিয়া ব্যক্ত কৰে বিধায়ক তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱা (Jayanta Malla Baruah)ই ৷ তেওঁ কয় যে, কংগ্ৰেছ দলটোক ছোনিয়া গান্ধী-ৰাহুল গান্ধীৰ বহতীয়া কৰিব নোৱাৰি ৷ কংগ্ৰেছত থাকোতে গোপীনাথ বৰদলৈ আৰু দেৱেশ্বৰ শৰ্মাই সনাতনী আদৰ্শৰ কথা কৈছিল ৷ কিন্তু ৰিপুণ বৰা ভূপেন কুমাৰ বৰাই বাংলাদেশী মিঞাৰ হৈ কথা কয় ।

তেওঁ কয় যে, বৰ্তমানৰ কংগ্ৰেছ কৰ্মীসকল বদৰুদ্দিন আজমলৰ বি-টীম । আজমলৰ বি-টীমত কোনো মানুহ নাথাকে । সনাতনী সংস্কৃতিৰ লোক নাথাকে ৷ দেওবাৰে লখিমপুৰত একাংশ কংগ্ৰেছীয়ে বৰ্তমানেও ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ থকা বুলি কৰা মন্তব্যৰ এইদৰে উভতি ধৰে বিধায়ক জয়ন্ত মল্ল বৰুৱাই ৷ ইয়াৰ লগতে অসম প্ৰদেশ কংগ্ৰেছ (Assam Pradesh Congress)ৰ নৱ নিৰ্বাচিত সভাপতি ভূপেন কুমাৰ বৰা (Bhupen Kumar Borah)ক কটাক্ষ কৰে বিধায়গকগৰাকীয়ে ।

তেওঁ কয় যে, আজিৰ দিনত ভূপেন কুমাৰ বৰাৰ কোনো প্ৰাসংগিকতা নাই । ভূপেন কুমাৰ বৰা বাংলাদেশী মিঞাৰ কথা কোৱা মানুহ ।

জয়ন্ত মল্ল বৰুৱাৰ কংগ্ৰেছক প্ৰত্যুত্তৰ

দেওবাৰে এক সংবাদমেলযোগে ভূপেন কুমাৰ বৰাৰ নেতৃত্বত বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছে ৰাজ্যত আট্ছে দিন (Acche Din) আনিব বুলি মন্তব্য কৰিছিল লখিমপুৰ জিলা কংগ্ৰেছৰ নেতা-কৰ্মীসকলে ৷ লগতে অচিৰেই ৰাজ্যত পৰিস্থিতি আৰু উন্নত হ'ব । ক্ষমতাত বিজেপি চৰকাৰ আছে যদিও প্ৰকৃততে চৰকাৰখন কংগ্ৰেছৰহে ৷ মুখ্যমন্ত্ৰী, বিত্ত মন্ত্ৰী, কেবিনেট মন্ত্ৰীকে ধৰি প্ৰায়ভাগ মন্ত্ৰীয়েই কংগ্ৰেছ দলৰ পৰা যোৱা ৷ মাথো প্ৰতীকটোহে সলনি হৈছে বুলি বিস্ফোৰক মন্তব্য কৰিছিল কংগ্ৰেছ কৰ্মীসকলে ৷

লগতে পঢ়ক : বিজেপি নহয়,কংগ্ৰেছেহে অসমলৈ আনিব 'Acche Din'!

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.