নলবাৰী, 12 ছেপ্তেম্বৰ : ৰাজ্যত অব্যাহত আছে কৰ’ণা ভাইৰাছৰ সংহাৰ ৷ শেহতীয়াকৈ নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ দেহতো ধৰা পৰে কৰ’ণা ভাইৰাছৰ অৱস্থিতি ৷ বিধায়কগৰাকী কিছুদিন ধৰি সাধাৰণ ভাৱে অসুস্থ অনুভৱ কৰাৰ পাচতেই শনিবাৰে ক’ভিড-১৯ৰ পৰীক্ষা কৰোৱাত বিধায়কগৰাকীৰ লগতে তেওঁৰ পত্নীৰ দেহতো ধৰা পৰে ক’ভিড-১৯ৰ উপস্থিতি ৷

এই ফলাফল লাভ কৰাৰ পাচতেই বিধায়কগৰাকী য়ে স্বয়ং ছ’চিয়েল মিডিয়াত নিজৰ ক’ভিড পজিটিভ হোৱাৰ কথা সদৰী কৰে ৷ উল্লেখ্য যে,শুকুৰবাৰে সয়ম্বৰ বিবাহ ভৱনত অনুষ্ঠিত এক কাৰ্যকৰ্তাৰ সন্মিলনত উপস্থিত আছিল বিধায়কগৰাকী ।

লগতে চাওক- বাক্সাত অব্যাহত আছে হাতী-মানুহৰ সংঘাত