ETV Bharat / state

নলবাৰীত ৭৩ সংখ্যক গণৰাজ্য দিৱসত মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ অংশগ্ৰহণ - নলবাৰীত গণৰাজ্য দিৱসত মন্ত্ৰী মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

আজি নলবাৰীত উদযাপন 73 সংখ্যক গণৰাজ্য দিৱস(Republic Day celebration in Nalbari) ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ পতাকা উত্তোলন(Minister Ranjit kumar Das hoists Republic Day flag) ৷

Minister Ranjit kumar Das attends 73rd Republic Day in Nalbari
নলবাৰীত ৭৩ সংখ্যক গণৰাজ্য দিৱসত মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ অংশগ্ৰহণ
author img

By

Published : Jan 26, 2022, 10:03 PM IST

Updated : Jan 26, 2022, 10:59 PM IST

নলবাৰী, 26 জানুৱাৰী : আজি দেশবাসীয়ে উদযাপন কৰিলে ৭৩সংখ্যক গণৰাজ্য দিৱস । অসমৰ আন আন জিলাৰ লগতে নলবাৰীতো আয়োজন কৰা হয় ৭৩সংখ্যক গণৰাজ্য দিৱস(Republic Day celebration in Nalbari) ৷ গণৰাজ্য দিৱস উপলক্ষে আজি নলবাৰী আৰক্ষী নিৱেশৰ খেলপথাৰত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে পঞ্চায়ত, গ্ৰামোন্নয়ন, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসে(Minister Ranjit kumar Das hoists Republic Day flag) । অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি ভাষণত বিভিন্ন উন্নয়নমূলক আঁচনিৰ সন্দৰ্ভত আলোকপাত কৰে ৷

নলবাৰীত ৭৩ সংখ্যক গণৰাজ্য দিৱসত মন্ত্ৰী ৰণজিত কুমাৰ দাসৰ অংশগ্ৰহণ

সংবাদমাধ্যমৰ সন্মূখত তেওঁ উল্লেখ কৰি কয় যে," বৰ্তমান চৰকাৰে অতি ক্ষীপ্ৰতাৰে উন্নয়নৰ দিশে গতি কৰিছে ৷ ১৪ কোটি টকা ব্যয়ৰে আইন মহাবিদ্যালয়, ৩৯৮ কৌটি টকা ব্যয়ৰে চিকিৎসা মহাবিদ্যালয়, ৮.১৭ কৌটি টকা ব্যয় সাপেক্ষে বি এড কলেজ নিৰ্মাণ কৰি থকাৰ লগতে নলবাৰীৰ যাতায়ত ব্যৱস্থাৰ উন্নতিৰ বাবে ইতিমধ্যেই 20 টা পথ নিৰ্মাণ কৰাৰ লগতে ১২৩ কিলোমিটাৰ পথৰ নিমাৰ্ণৰ কাম চলি আছে" ৷

ইফালে SOPD আঁচনিৰ অধীনত ৩৮.৮৫ কিলোমিটাৰ পথৰ নিৰ্মাণ কাৰ্য চলি আছে বুলি মন্তব্য কৰাৰ লগতে মন্ত্ৰীগৰাকীয়ে নলবাৰীৰ নিৰ্মীয়মাণ উৰণীয়া সেতুৰ কাম পূৰ্ণগতিত চলি থকাৰ কথা জানিবলৈ দিয়ে ৷ আনহাতে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত নলবাৰীৰ বাবে ২০২১-২২ বৰ্ষত ৭৭১ খন আঁচনিৰ অনুমোদন কৰা হৈছে বুলিও কয় মন্ত্ৰী ৰণজিত কুমাৰ দাসে ।

লগতে পঢ়ক : যোৰহাটত 73 তম গণৰাজ্য দিৱসৰ পতাকা উত্তোলন মন্ত্ৰী অতুল বৰাৰ

Last Updated : Jan 26, 2022, 10:59 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.