ETV Bharat / state

Flood in Assam:নলবাৰীত বান পৰিস্থিতিৰ বুজ ল'লে মন্ত্ৰী পীয়ুষ হাজৰীকাই - Flood in Assam

নলবাৰীত ভগ্ন মথাউৰি পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰীকাৰ। দহকাউনীয়াত মৰা পাগলদিয়াৰ ভগ্ন মাথাউৰি পৰিদৰ্শন কৰি ব্য়ৱস্থা গ্ৰহণৰ নিৰ্দেশ ।

Flood in Assam
দহকাউনীয়াত মৰা পাগলদিয়াৰ মাথাউৰি
author img

By

Published : Jun 22, 2023, 7:20 PM IST

দহকাউনীয়াত মৰা পাগলদিয়াৰ ভগ্ন মাথাউৰি

নলবাৰী, ২২ জুন: নলবাৰী জিলাৰ দহকাউনীয়াৰ ভগ্ন মঠাউৰি পৰিদৰ্শন কৰিবলৈ বৃহস্পতিবাৰে উপস্থিত হয় জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰীকা । মন্ত্ৰী পীয়ুষ হাজৰীকাই দহকাউনীয়াৰ মথাউৰি পৰিদৰ্শন কৰাৰ লগতে বান পৰিস্থিতিৰো বুজ লয় । ইয়াৰ পিচতেই তেওঁ জিলা প্ৰশাসনক এইক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে । বান পৰিস্থিতিৰ বুজ লৈ মন্ত্ৰী পীয়ুষ হাজৰীকাই কয় যে পূৰ্বতকৈ এইবাৰ বানপানী খুউব কম ঠাইতহে হোৱা বুলি মন্তব্য কৰে ।

উজনি অসমৰ মাজুলী,ধেমাজি,শদিয়া আদিৰ উদাহৰণেৰে নামনি অসমৰ কেইখনমান জিলাতহে বানপানী হোৱা বুলি মত ব্যক্ত কৰে মন্ত্ৰী পীয়ুষ হাজৰীকাই । অসমৰ চাৰি কোটি মানুহৰ এক লাখ পোন্ধৰ হাজাৰ লোকহে এইবাৰ বানত আক্ৰান্ত বুলি মন্তব্য কৰি নামনি অসমৰ বান সমস্যা অনাগত সময়ত সমাধানৰ চেষ্টা কৰিব বুলিও তেওঁ কয় ।

মন্ত্ৰীগৰাকীয়ে আজি দহকাউনীয়াৰ ভগ্ন মঠাউৰি পৰিদৰ্শন কৰি সেই ঠাইত সাত কিলোমিটাৰলৈ দৈত মথাউৰি নিৰ্মাণ কৰাৰ আশ্বাস দিয়ে । উল্লেখযোগ্য যে নলবাৰী জিলাৰ উক্ত অঞ্চলত টিহু নদীৰ সমান্তৰালকৈ মৰাপাগলাদিয়া,বুঢ়াদিয়াৰ পানীয়ে টিহুকে ধৰি পশ্চিম নলবাৰীৰ বহু ঠাই জলমগ্ন কৰিছে । এইবেলি নলবাৰী জিলাত ছয়টাকৈ ৰাজহ চক্ৰৰ অন্তৰ্গত শতাধিক গাঁৱত বানে প্লাবিত কৰে । আনহাতে,দহকাউনীয়াৰে মথাউৰি ছিগাৰ ফলত ১৫ খনৰো অধিক গাওঁ বানত প্লাৱিত হয় ।

ইপিনে,ভাৰতৰ নিৰ্বাচন আয়োগে অসমৰ সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা প্ৰস্তাৱ প্ৰকাশ কৰাৰ পিচতেই বিভিন্ন ৰাজনৈতিক দল সংগঠনসমূহৰ লগতে বদৰুদ্দিন আজমলে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা সন্দৰ্ভত মন্তব্য় কৰিছে মন্ত্ৰী পীয়ুষ হাজৰীকাই । সমষ্টিৰ পুনৰ নিৰ্ধাৰণত এ আই ইউ ডি এফৰ প্ৰধান বদৰুদ্দিন আজমলে কৰা আপত্তিজনক মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী পীয়ুষ হাজৰীকাই কয়,"বদৰুদ্দিন আজমলে যদি এই খচৰা নামানে তেতিয়াহ'লে অসমীয়া আৰু ভাৰতীয়ৰ বাবে ই এক ভাল খবৰ। বদৰুদ্দিন আজমলে যদি এই খচৰা নামনি ক'ৰবাত মূৰ ছিগিও দিয়ে তথাপিও অসমীয়া তথা ভাৰতীয়ৰ বাবে এক ভাল খবৰ হ'ব ।" তাৰ বাবেই সমষ্টিৰ পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া চলোৱা হৈছে বুলি মন্তব্য কৰে জলসম্পদ মন্ত্ৰী পীয়ুষ হাজৰীকাই ।

লগতে পঢ়ক:Constituency delimitation: নিজকে জনমানসত সৰু নকৰিব; অখিল গগৈলৈ মন্ত্ৰী পীযুষ হাজৰীকাৰ আহ্বান

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.