ETV Bharat / state

Assam orunodoi scheme: বিশ্বৰ সৰ্ববৃহৎ আঁচনি হিচাপে বিবেচিত হ’ব অৰুণোদয় আঁচনি: জয়ন্তমল্ল বৰুৱা - দীনদয়াল দিব্যাংগ পেঞ্চন

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) বুধবাৰে দিল্লীৰ পৰা ভাৰ্চুৱেলী শুভাৰম্ভ কৰে অৰুণোদয় 2.0 ৷ অৰুণোদয় আঁচনিৰ নামত ধাৰ্য কৰা হৈছে চাৰি হাজাৰ কোটিতকৈও অধিক টকা ৷ নলবাৰীত এই কথা ঘোষণা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ৷ উল্লেখ্য যে, ২৭ লাখ মহিলাক প্ৰথম পৰ্যায়ত আৰু ৩৫ লাখ মহিলাক দ্বিতীয় পৰ্যায়ত অন্তৰ্ভুক্ত কৰা হ’ব এই আঁচনিত ৷

Assam orunodoi scheme
বিশ্বৰ সৰ্ববৃহৎ আঁচনি হিচাপে বিবেচিত হ’ব অৰুণোদয় আঁচনি: জয়ন্তমল্ল বৰুৱা
author img

By

Published : Dec 14, 2022, 3:54 PM IST

বিশ্বৰ সৰ্ববৃহৎ আঁচনি হিচাপে বিবেচিত হ’ব অৰুণোদয় আঁচনি: জয়ন্তমল্ল বৰুৱা

নলবাৰী, 14 ডিচেম্বৰ: বিশ্বৰ সৰ্ববৃহৎ আঁচনি হিচাপে বিবেচিত হ’ব অৰুণোদয় আঁচনি( Assam orunodoi scheme) ৷ নলবাৰীত সংবাদমেল যোগে ঘোষণা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ(Jayanta Malla Baruah) ৷ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই(CM Himanta Biswa Sarma) বুধবাৰে দিল্লীৰ পৰা ভাৰ্চুৱেলী শুভাৰম্ভ কৰে অৰুণোদয় 2.0 ৷

অৰুণোদয় আঁচনিৰ নামত চাৰি হাজাৰ কোটিতকৈও অধিক টকা ধাৰ্য কৰা হৈছে বুলি মন্তব্য মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ৷ ২৭ লাখ মহিলাক প্ৰথম পৰ্যায়ত আৰু ৩৫ লাখ মহিলাক দ্বিতীয় পৰ্যায়ত এই আঁচনিত অন্তৰ্ভুক্ত কৰা হ’ব বুলি সংবাদমাধ্যৰ আগত মন্তব্য মন্ত্ৰীগৰাকীৰ(Assam Orunodoi Beneficiary) । বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ব অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাচনি প্ৰক্ৰিয়া ৷

মহিলা সকলৰ লগতে এইবাৰ ৰূপান্তৰকাৰী মহিলা(Transgender women) সকলেও লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন । দুচকীয়া বাহনৰ লগতে ঘৰত ফ্ৰীজ থকা আৰু বছৰি দুই লাখ টকাতকৈ কম উপাৰ্জন কৰা মহিলা সকলেও এইবাৰ লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন ৷ সংবাদমাধ্যমৰ আগত এই কথা সদৰি কৰে মন্ত্ৰীগৰাকীয়ে ৷

লগতে, প্ৰতিটো সমষ্টিতে এইবাৰ 6হাজাৰ হিতাধিকাৰীয়ে অৰুণোদয় আঁচনিৰ ধন লাভ কৰিব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ ৷ উল্লেখ্য যে, বৰ্তমান ৰাজ্যৰ 20লাখ মহিলাই লাভ কৰি আছে অৰুণোদয় আঁচনিৰ ধন ৷ আনহাতে, নতুনকৈ এই আঁচনিত অন্তৰ্ভুক্ত কৰা হৈছে 10.5 লাখ মহিলাৰ নাম ৷

দীনদয়াল দিব্যাংগ পেঞ্চন(Deen dayal divyangjan pension) লাভ কৰি থকা হিতাধিকাৰীৰ নামো এইবাৰ অৰুণোদয় আঁচনিৰ সৈতে সংলগ্ন হ’ব বুলি মন্তব্য মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ ৷ লগতে মন্ত্ৰীগৰাকীয়ে ক’লে, বিধবা পেঞ্চন(Widow pension) লাভ কৰি থকা মহিলাৰ নামো অন্তৰ্ভুক্ত হ’ব অৰুণোদয় আঁচনিৰ সৈতে ৷ বৃদ্ধাশ্ৰমত থকা বৃদ্ধা সকলেও এতিয়াৰে পৰা লাভ কৰি অৰুণোদয় আঁচনিৰ ধন ৷ উল্লেখ্য যে, মঙলবাৰৰ পৰা 31 ডিচেম্বৰৰ ভিতৰত সম্পন্ন হ’ব আৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাচনি প্ৰক্ৰিয়া ৷

লগতে পঢ়ক: Gamosa gets GI Tag : অসমৰ গামোচাই লাভ কৰিলে 'GI' টেগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.