ETV Bharat / state

Maha Jan Sampark Abhiyan: বামপন্থী দলসমূহ ৰাষ্ট্ৰ বিৰোধী; জয়ন্তমল্ল বৰুৱা - PM Modi

নৰেন্দ্ৰ মোদী চৰকাৰৰ 9 বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে দেশজুৰি বিজেপিয়ে অব্যাহত ৰাখিছে মহা জনম্পৰ্ক অভিযান ৷ নলবাৰী জিলাতো এই উপলক্ষে বিজেপিয়ে আয়োজন কৰে এখন কাৰ্যকৰ্তা সন্মিলন ৷ জোনমণি ৰাভাৰ মৃত্যুৰ CBI তদন্ত সন্দৰ্ভত মন্তব্য মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ৷

Maha Jan Sampark Abhiyan
Maha Jan Sampark Abhiyan
author img

By

Published : Jun 15, 2023, 8:30 PM IST

নলবাৰী নাট্য মন্দিৰত জ্যেষ্ঠ কাৰ্যকৰ্তা সন্মিলন

নলবাৰী, 15 জুন: নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ৯ বছৰীয়া বৰ্ষপূৰ্তিৰ মহা জনসম্পৰ্ক অভিযানৰ অংশ হিচাপে নলবাৰী নাট্য মন্দিৰত এখন জ্যেষ্ঠ কাৰ্যকৰ্তা সন্মিলন অনুষ্ঠিত হয় ৷

অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া, নলবাৰী জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰকে ধৰি দলীয় কৰ্মকৰ্তাসকল উপস্থিত থাকে ৷ অনুষ্ঠানত সাংসদ দিলীপ শইকীয়াই বিজেপিৰ জ্যেষ্ঠ কাৰ্যকৰ্তাসকলক শ্ৰেষ্ঠ কাৰ্যকৰ্তা আৰু দলৰ মূল ভেটি বুলি উল্লেখ কৰে ৷

আনহাতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই দলীয় কৰ্মীসকলক জ্যেষ্ঠ কৰ্মীসকলৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ আহ্বান জনাই ৷ হিমন্ত বিশ্ব শৰ্মাৰ কাম-কাজক প্ৰশংসা কৰি নলবাৰীত সৰ্বস্তৰৰ উন্নয়ন হ’ব বুলি মন্তব্য কৰে ৷ আনহাতে বামপন্থী দলসমূহক ৰাষ্ট্ৰ বিৰোধী আখ্যা দি তীব্ৰ কটাক্ষ কৰে মন্ত্ৰী বৰুৱাই ৷

উল্লেখ্য যে এজাক বৰষুণতেই কৃত্ৰিম বানত বুৰ যায় নলবাৰী চহৰ ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মন্ত্ৰী বৰুৱাই কয় যে সন্তান জন্ম হোৱাৰ সময়ত যেনেকৈ প্ৰসৱ যন্ত্ৰনা থাকে ঠিক তেনেদৰে নলবাৰীৰ ৰাজপথ বহলীকৰণ আৰু নলা নৰ্দমাৰ নিৰ্মাণ চলি আছে বাবে ৰাইজে কিছু যন্ত্ৰণা ভোগ কৰিবই লাগিব ৷ 106 কোটি টকাৰ প্ৰকল্প সম্পূৰ্ণ হওঁতে কিছু সময় লাগিব বুলি উল্লেখ কৰি ৰাইজক ধৈৰ্য কৰিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ ৷

ইফালে জোনমণি ৰাভাৰ মৃত্যুৰ প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সঠিক ন্যায় দিব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷ আনহাতে নতুন শিক্ষা নীতিয়ে মাতৃভাষা ধ্বংস নকৰে বুলি মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই ৷ সাম্প্ৰতিক সময়ৰ প্ৰতিযোগিতামূলক শিক্ষা প্ৰক্ৰিয়াত অসমীয়া ভাষাৰ উপৰিও অসমীয়া ছাত্র-ছাত্ৰীয়ে ইংৰাজী মাধ্যমৰ ছাত্র-ছাত্ৰীৰ লগত ফেৰ মাৰিব পৰাকৈ ইংৰাজী শিকাতো অতিকৈ প্ৰয়োজনীয় বুলি মন্তব্য কৰে সাংসদ দিলীপ শইকীয়াই ।

লগতে পঢ়ক: Brahmaputra River erosion: ডিব্ৰুগড় চহৰলৈ ভাবুকি মাতিছে ব্ৰহ্মপুত্ৰৰ খহনীয়াই

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.