ETV Bharat / state

Assam Gamosa Controversy: অসমীয়াৰ স্বাভিমানত আঘাত হনা কাম কোনোৱে গ্ৰহণ নকৰে, জয়ন্ত মল্ল বৰুৱা

গামোচা বিতৰ্ক প্ৰসংগত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া, অসমীয়াৰ স্বাভিমানত আঘাত হোৱা কাম কোনোৱে গ্ৰহণ নকৰে (Jayanta Malla Baruah reacts on Gamosa controversy) । লগতে কয়, অসমীয়া জাতিক বচাবলৈ সমষ্টি পুনৰ নিৰ্ধাৰণ জৰুৰী । নলবাৰীত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ মন্তব্য ।

author img

By

Published : Mar 28, 2023, 8:00 AM IST

Gamosa controversy
Gamosa controversy
অসমীয়াৰ স্বাভিমানত আঘাত হনা কাম কোনোৱে গ্ৰহণ নকৰে, জয়ন্ত মল্ল বৰুৱা

নলবাৰী, ২৮ মাৰ্চ : সোমবাৰে নলবাৰীত পিতৃৰ স্মৃতিচৰণ সভাত উপস্থিত থাকে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা (Assam minister Jayanta Malla Baruah) । এই উপলক্ষে নলবাৰী নাট্যমন্দিৰত অনুষ্ঠিত সভাত উপস্থিত থকি সাংবাদিকেৰে হোৱা সাক্ষাৎকাৰত কেইবাটাও প্ৰসংগত মত ব্যক্ত কৰে মন্ত্ৰীগৰাকীয়ে । তাৰ মাজতে গামোচা বিতৰ্কক লৈ এইবাৰ মুখ খুলিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Jayanta Malla Baruah reacts on Gamosa controversy) । অসমীয়া-বঙালীৰ সমন্বয়ৰ প্ৰতীকীৰূপে অসমীয়াৰ স্বাভিমান গামোচাক যি বিকৃতকৰণ কৰিছে তাক লৈ দুখ প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

মন্ত্ৰীগৰাকীয়ে কয় যে অসমীয়া জাতি অত্যন্ত আবেগিক জাতি । স্পৰ্শকাতৰ জাতিটোক লৈ আবেগিক মানুহ আমি ৷ আমি জাতিটোৰ কাৰণে সৰ্বস্ব কৰিব পাৰো ৷ আমি জাতিটোৰ কাৰণে কিবা কৰিবলৈ হ'লে বিভিন্ন ফ'ৰামত কথা পাতি কৰিব লাগে ৷ হয়তো এইটো নকৰাৰ বাবেই সমালোচনাৰ সম্মুখীন হ’ল (Assam Gamosa Controversy) ৷ বাংলা সাহিত্য সভাই অসমৰ দুই-চাৰিটা সংগঠনৰ সৈতে আলোচনাত বহাটো জৰুৰী আছিল ।

আলোচনাত বহি কামবোৰ কৰিলে হয়তো আজি গামোচাক এনে এক বিকৃত ৰূপত দেখা নগ'লহেঁতেন । লগতে বিতৰ্কৰো সূচনা নঘটিলহেঁতেন । আনহাতে, কোনো কাৰণতে স্বাভিমানত আঘাত হোৱা কাম কোনোৱে কৰিব নালাগে বুলিও মত প্ৰকাশ কৰে মন্ত্ৰীগৰাকীয়ে । ইফালে গামোচা বিতৰ্কক লৈ লাচিত সেনাই অসমৰ তিনি মন্ত্ৰী-আমোলাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয়, উক্ত অনুষ্ঠানত মন্ত্ৰী বা আমোলাৰ কি দোষ (Minister Baimal Bora in Gamosa controversy) ।

কোনোবাই সম্বৰ্ধনা আকাৰে কিবা যাচিলে তাক ল'বই । হয়তো পৰৱৰ্তী সময়ত তাক লৈ আলোচনা চলিছে । ইয়াত মন্ত্ৰী-আমোলাৰ কোনো দোষ নাই বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । আনহাতে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰতো কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্বাচন আয়োগৰ এটি দলে শাসক-বিৰোধীৰে আলোচনাত বহিছে । ইয়াত কোনোবাই বিৰোধ কৰাটো সকলোৰে নিজ নিজ অধিকাৰ ।

লগতে অসমীয়া জাতি ৰক্ষা কৰিবলৈ সমষ্টি পুনৰ নিৰ্ধাৰণ অত্যন্তই প্ৰয়োজন বুলি কয় মন্ত্ৰীগৰাকীয়ে । অসমীয়া জাতিয়ে অসম আন্দোলন, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণত বিফল হৈছে । সাম্প্ৰতিক সময়ত অসমীয়া জাতিৰ ভৱিষ্যতৰ স্বাৰ্থত সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাহিৰে আৰু বেলেগ একো পথেই নাই বুলি মন্তব্য কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ।

লগতে পঢ়ক :Delimitation of constituencies : সমষ্টি পুনৰ নিৰ্ধাৰণ সন্দৰ্ভত AIUDF দলৰ নেতা আমিনুল ইছলামৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.