ETV Bharat / state

Job Mela সন্দৰ্ভত উদ্ভট মন্তব্য মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ - নিয়োগ মেলা বিতৰ্ক

ৰাজ্য চৰকাৰে আয়োজন কৰা শেহতীয়া নিয়োগ মেলা সন্দৰ্ভত আবেদন জমা লোৱাৰ দায়িত্বত থকা কৰ্মচাৰীৰ চৰম দায়িত্বহীনতাৰ বাবে নিমিষতে চাৰখাৰ হৈ গৈছিল নিৱনুৱাৰ সপোন । ইয়াৰ পিছত এতিয়া, নিয়োগ মেলা সন্দৰ্ভত মুখ খুলিছে ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে(Minister CM Patowary on job mela) ৷ সবিশেষ জানো আহক ৷

minister-chandra-mohan-patowary-on-job-mela-controversy
নিয়োগ মেলা বিতৰ্কত মুখ খুলিছে চন্দ্ৰমোহন পাটোৱাৰীয়ে
author img

By

Published : Dec 26, 2021, 8:55 PM IST

নলবাৰী, 26 ডিচেম্বৰ : নিয়োগ মেলা সন্দৰ্ভত মুখ খুলিছে ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে (Minister CM Patowary on job mela) ৷ এই মেলা সফল নোহোৱাৰ কাৰণো বাখ্যা কৰিছে মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰোপৰি, এতিয়াৰে পৰা চৰকাৰৰ এক প’ৰ্টেলৰ জৰিয়তে নিয়োগৰ ব্যৱস্থা কৰা হ’ব বুলি তেওঁ জানিবলৈ দিছে ৷

ৰাজ্যৰ উদ্যোগ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, নিয়োগ মেলাত যি ঘটনা সংঘটিত হ’ল তাত বিভিন্ন খেলিমেলি হোৱা বাবে দুজন বিষয়াক ইতিমধ্যেই নিলম্বন প্ৰদান কৰা হৈছে ৷ ইয়াৰ উপৰিও বিভিন্ন জিলাত ভাল ভাল প্ৰতিষ্ঠান নোহোৱা বাবে হোটেল ৰেষ্টুৰেণ্টৰ নিচিনা প্ৰতিষ্ঠানক আমন্ত্ৰণ কৰিব লগা হৈছে ৷ আনহাতে অসমত ডাঙৰ উদ্যোগৰ বাবে মাটিৰ অভাৱৰ বাবে বিগত পাচ বছৰত ডাঙৰ উদ্যোগ স্থাপন কৰিব পৰা নাছিল বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে মন্ত্ৰী গৰাকীয়ে ।

নিয়োগ মেলা বিতৰ্কত মুখ খুলিছে চন্দ্ৰমোহন পাটোৱাৰীয়ে

উল্লেখযোগ্য যে, ৰাজ্য চৰকাৰৰ সহযোগত বৃহস্পতিবাৰে অসমৰ বিভিন্ন জিলাত অনুষ্ঠিত হয় নিয়োগ মেলা (Job Mela in Assam)। শিক্ষিত নিবনুৱাসকলক অৰ্হতা অনুসৰি ব্যক্তিগত প্ৰতিষ্ঠানত সংস্থাপন দিয়াৰ উদ্দেশ্যে গ্ৰহণ কৰা হৈছিল এই পদক্ষেপ ।

কিন্তু ৰাজ্যৰ ভিন্ন প্ৰান্তত এই নিয়োগ মেলা একপ্ৰকাৰ প্ৰহসনত পৰিণত হোৱা দেখা গৈছিল । ঠায়ে ঠায়ে আবেদন জমা লোৱাৰ দায়িত্বত থকা কৰ্মচাৰীৰ চৰম দায়িত্বহীনতাৰ বাবে নিমিষতে চাৰখাৰ হৈ গ’ল নিৱনুৱাৰ সপোন । বিভাগীয় কৰ্তৃপক্ষই নিবনুৱা যুৱক-যুৱতী সকলৰ বায়’ডাটাসহ সম্পূৰ্ণ নথি-পত্ৰ মূল্যহীন ফটা কাগজৰ দৰে পেলাই দিয়া দেখা গ'ল ৷ ইয়াৰ পাছতে ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে অসন্তুষ্টি প্ৰকাশ কৰা দেখা গৈছে ।

চৰকাৰৰ বিৰুদ্ধে কোনো কোনো স্থানত প্ৰতিবাদ সাব্যস্ত কৰিছে দল-সংগঠনে । সকলোৰে মুখে মুখে মাথো এতিয়া চলিছে নিয়োগ মেলাত প্ৰতাৰিত হোৱাৰ অভিযোগ ৷ অসম চৰকাৰে বিভিন্ন জিলাত নিয়োগ মেলা পাতি নিবনুৱাৰ জীৱনক লৈ হেতালি খেলা কাৰ্যক তীব্ৰ ভাষাৰে সমালোচনা কৰিছে ৰাজ্যৰ বিভিন্ন দল-সংগঠনে (Protest against Job mela) ৷

লগতে পঢ়ক : ডিব্ৰুগড়ত আছু কৰ্মীক আৰক্ষীয়ে আটক কৰা সন্দৰ্ভত লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.