নলবাৰী, 16 অক্টোবৰ : পৰিবৰ্তনৰ শ্ল'গানেৰে শাসনৰ গাদীত বহা বিজেপি চৰকাৰে বিধৱা, বিশেষভাবে সক্ষম, অবিবাহিত আৰু দৰিদ্ৰ মহিলাৰ বাবে ৰূপায়ন কৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰী নিৰ্বাচনত হোৱা অনিয়মৰ বিৰুদ্ধে শুকুৰবাৰে 15 নং দিহজাৰী গাঁও পঞ্চায়ত কাৰ্যালয়ত এক উত্তপ্ত পৰিৱেশৰ সৃষ্টি হয় ।

আঁচনিত হিতাধীকাৰী বাচনিত ব্যাপক খেলিমেলি হোৱাৰ অভিযোগ তুলি বৃহত্তৰ সাগৰকুছি সচেতন মহিলা সমাজৰ উদ্যোগত সাগৰকুছি বৰ নামঘৰ প্ৰাংগনৰ পৰা 15 নং দিহজাৰী গাঁও পঞ্চায়তৰ কাৰ্যালয়লৈ শতাধিক মহিলাই পৰিয়ালকেন্দ্ৰীক ৰাজনীতি বন্ধ কৰক, অৰুণোদয় আঁচনি বন্ধ কৰক, আদি বিভিন্ন শ্ল'গান দি প্ৰতিবাদী সমদল কৰি পঞ্চায়ত কাৰ্যালয় ঘেৰাও কৰে ।
লগতে পঢ়ক : ইউৰোপীয়ান ভ্ৰমণৰ পূৰ্বে ক'ভিডত আক্ৰান্ত লাভলীনা বৰগোঁহাই
প্ৰতিবাদীকাৰীৰ অভিযোগ অনুসৰি, অৰুণোদয় আঁচনিত হিতাধিকাৰী নিৰ্বাচনৰ ক্ষেত্ৰত গাঁৱে গাঁৱে বুথ কমিটীৰ সভাপতি সকলে 50- 150 টকালৈকে হিতাধিকাৰীক ফৰ্মত চহী কৰিবলৈ দিয়ে আৰু বিজেপিৰ সভাত উপস্থিত নথকা মহিলাক হিতাধিকাৰী হিচাপে নিৰ্বাচন কৰিব নোৱাৰে বুলি বুথ সমিতিৰ সভাপতি সকলে অৱগত কৰায় ।

উল্লেখ্য যে, এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে 15 নং দিহজাৰী গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি সনাতন বৈশ্য, প্ৰাক্তন আঞ্চলিক সদস্যা কবিতা ডেকা, সচেতন মহিলা দিপ্তী ডেকা, প্ৰাক্তন গাঁও সদস্য শনিৰাম বৈশ্য, বাঁওপন্থী নেতা লক্ষী কলিতা, যুৱ নেতা ফণীধৰ কলিতাকে ধৰি প্ৰায় শতাধিক লোক ৷
লগতে পঢ়ক : অগ্নিকাণ্ডৰ কৱলত সাংবাদিক মফিদুল ইছলামৰ বাসগৃহ