ETV Bharat / state

বুঢ়াদিয়া-পাগলাদিয়া নৈৰ বানৰ কবলত নলবাৰীৰ বিস্তীৰ্ণ অঞ্চল

বুঢ়াদিয়া আৰু পাগলাদিয়া নৈৰ বঢ়নী পানীয়ে সংকট নমাই আনিছে নলবাৰীৰ বৃহত্তৰ অঞ্চললৈ ৷ ইতিমধ্যেই বানৰ কবলত পৰি সৰ্বস্বান্ত হৈছে কৃষিজীৱী অঞ্চলটোৰ কৃষক ৰাইজ ৷

author img

By

Published : Jun 28, 2020, 5:30 PM IST

massive flood in nalbari
massive flood in nalbari

নলবাৰী, 28 জুনঃ নলবাৰীত বুঢ়াদিয়া আৰু পাগলাদিয়া নৈৰ বঢ়নী পানীয়ে ধাৰণ কৰিছে সংহাৰী ৰূপ ৷ ফলত পশ্চিম নলবাৰীৰ বিস্তীৰ্ণ অঞ্চল এতিয়া প্লাবিত কৰিছে নৈ দুখনৰ বাঢ়নী পানীয়ে ৷ শোলমাৰা, লখোপুৰ, হেলচা, কঠলা, পুখুৰা, বালিবজাৰ আদিকে ধৰি কেইবাখনে গাঁৱৰে ৰাইজ এতিয়া সংকটত ৷

বুঢ়াদিয়া-পাগলাদিয়া নৈৰ বানৰ কবলত নলবাৰীৰ বিস্তীৰ্ণ অঞ্চল

আনহাতে টিহুটো বানে বিস্তৰ কৃষিভূমি ক্ষতিসাধন কৰাৰ লগতে, কঠীয়া আদিও নষ্ট কৰিছে ৷ ইয়াৰোপৰি এই বানৰ ফলত মৎস্য জীৱিকাৰ লগত জড়িত লোকলৈ নামি আহিছে সংকট ৷ কিয়নো ইতিধ্যেই বাঢ়নী পানীৰ ফলত পুখুৰীৰ পৰা ওলাই গৈছে বহু মাছ ৷ শংকিত বানাক্ৰান্ত লোকে এতিয়া নিজৰ ঘৰ এৰি আহিবলগীয়া হৈছে অন্য স্থানলৈ ৷ বিধ্বংসী বানে পশুধন সমূহলৈ কঢ়িয়াই আনিছে সংকট ৷ উল্লেখ্য যে, ইমানৰ পিচতো কিন্তু বানাক্ৰান্ত লোকৰ মাজলৈ কোনো এগৰাকী চৰকাৰ অথবা প্ৰশাসনৰ লোক অহা নাই বুলি অভিযোগ উত্থাপন হৈছে ৷ কৃষিকাৰ্য আৰম্ভ কৰাৰ পূৰ্বেই এতিয়া কৃষিজীৱী লোকলৈ নামি অহা এই সংকটে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে অঞ্চলটোত ৷

লগতে পঢ়কঃ আমগুৰিত জলবন্দী তিনিশ পৰিয়াল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.