নলবাৰী, 14 জুনঃ শুকুৰবাৰে শ্বহীদ নিৰোদ শৰ্মাৰ বাসগৃহত উপস্থিত হয় অসমৰ স্বাস্থ্য,বিত্ত,গড়কাপ্টানী মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মা ৷ কাশ্মীৰত শ্বহীদ হোৱা নিৰোদ শৰ্মাৰ দহকাউনীয়াস্থিত বাসগৃহত উপস্থিত হয় মন্ত্ৰীগৰাকী ৷ উপস্থিত হৈ শ্বহীদ পৰিয়ালৰ সকলোৰে লগত কথা বতৰা পাতে আৰু অসম চৰকাৰৰ পৰা সকলো সহযোগিতা কৰাৰ আশ্বাস প্ৰদান কৰে হিমন্ত বিশ্বই ৷
আনহাতে গাঁৱ উন্নয়ন সমিতিয়ে শ্বহীদৰ নামত দহকাউনীয়া গাঁৱখনৰ পথ নামাকৰণ কৰাৰ কথা কোৱাত মন্ত্ৰীজনে কাৰ্যবাহী অভিযন্তাক মতাই আনি শ্বহীদৰ নামত তিনি কি:মি: পথ তিনি মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ নিৰ্দেশ দিয়ে। মন্ত্ৰী হিমন্তৰ লগত উপস্থিত থাকে নৱ নিৰ্বাচিত সাংসদ দিলীপ শইকীয়া ৷