নলবাৰী, 3 জানুৱাৰী: নলবাৰীৰ আদাবাৰীস্থিত এজন যুৱক নিৰুদ্দিষ্ট হোৱা ঘটনাক লৈ ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে (Missing case in Nalbari) ৷ ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোতেই মাতৃৰ লগত কাজিয়া লাগি ঘৰৰ পৰা উলাই গৈছিল পূৰ্ণজ্যোতি কলিতা নামৰ এজন যুৱক ৷ তাৰ পিছৰে পৰা দুদিন ধৰি সন্ধানহীন হৈ আছে পূৰ্ণ (Man missing since 2 days) ৷
ঘটনাৰ বিৱৰণী অনুসৰি পূৰ্ণজ্যোতি কলিতা নামৰ যুৱকজনে পত্নী আৰু মাতৃৰ লগত বাস কৰিছিল (Man missing at Adabari) ৷ পূৰ্ণই বিবাহপাশত আৱদ্ধ হোৱাৰ পিছৰে পৰা ঘৰত মাতৃৰ লগত প্ৰায়ে কাজিয়া পেছাল হৈছিল ৷ কেতিয়াবা এই কাজিয়াই চৰম ৰূপ পালে পূৰ্ণই ঘৰৰ দুৱাৰ খিড়িকী ভগাৰ লগতে কেৰাচিন তেল ঢালি ঘৰ জ্বলাই দিবলৈও উদ্যত হৈছিল ৷
এনেদৰেই ঘৰখন চলি আছিল যদিও 1 জানুৱাৰীৰ দিনা পুনৰ পূৰ্ণই মাতৃৰ লগত বাক বিতণ্ডাত লিপ্ত হোৱাত মাতৃয়ে পুত্ৰক ভয় খুওৱাৰ উদ্দেশ্যেৰে নিকটৱৰ্তী আউটপোষ্টখনত এই কথা অৱগত কৰিবলৈ যায় (Mother son fight) ৷ মাতৃয়ে পুত্ৰৰ বিৰুদ্ধে কোনো গোচৰ ৰুজু কৰা নাছিল যদিও আৰক্ষীক পুত্ৰৰ অত্যাচাৰ বন্ধ কৰাৰ উদ্দেশ্যে ভয় খুৱাবলৈ আৰক্ষীক অনুৰোধ কৰিছিল ৷
কিন্তু মাতৃয়ে আৰক্ষীৰ কাষ চপা দেখিয়েই পূৰ্ণই ঘৰৰ পৰা বাইকখন লৈ উলাই যায় ৷ ইয়াৰ পিছতে 2 জানুৱাৰী অৰ্থাৎ সোমবাৰে জালুকবাৰী আৰক্ষীয়ে শৰাইঘাট দলঙত উদ্ধাৰ কৰে সন্ধানহীন যুৱকজনৰ AS 25 M 6842 নম্বৰৰ গ্লেমাৰ বাইকখন, হেলমেট আৰু এযোৰ চেণ্ডেল ৷ লগে লগে আৰক্ষীয়ে পূৰ্ণৰ ঘৰৰ লোকৰ লগত যোগাযোগ কৰি আৰক্ষী থানালৈ মাতি পঠায় ৷ এই কথা গম পোৱাৰ পিছতে যুৱকজনৰ ঘৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ বাইক,হেলমেট আৰু চেণ্ডেল উদ্ধাৰ হোৱাৰ পিচতে হাহাকাৰ লাগে পৰিয়ালৰ মাজত ৷
উল্লেখ্য যে মাত্ৰ দহমাহ পূৰ্বে বিবাহপাশত আৱদ্ধ হৈছিল নিৰুদ্দিষ্ট যুৱকজন ৷ এই সন্দৰ্ভত পত্নীৰ মন্তব্য প্ৰকাশ কৰি কয় যে, বিবাহ কৰোৱাৰ পিছৰে পৰা পূৰ্ণজ্যোতিৰ মাতৃৰ লগত সঘনাই সংঘাত সৃষ্টি হৈ আহিছিল । তাৰ পৰিপ্ৰেক্ষিতত মানসিক অশান্তিত ভুগি মাতৃৰ সৈতে পুনৰ তৰ্কাতৰ্কিত লিপ্ত হৈ ঘৰৰ পৰা উলাই গৈছিল পূৰ্ণজ্যোতি কলিতাই ।
পূৰ্ণজ্যোতিৰ সন্ধান নাপাই কান্দোনত ভাগৰি পৰে পত্নী ৷ স্বামীক ঘৰলৈ ঘূৰি আহিবলৈ কাতৰ অনুৰোধ কৰে পত্নীয়ে ৷ বৰ্তমান আদাবাৰী মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে পূৰ্ণৰ পত্নী । ঘটনা সন্দৰ্ভত যুৱকজনৰ পৰিয়ালে জালুকবাৰী আৰক্ষী থানাত নিৰুদ্ধেশ সম্পৰ্কীয় এখন এজাহাৰ দাখিল কৰাৰ লগতে স্থানীয় আউটপোষ্টতো এখন এজাহাৰ দাখিল কৰিছে ৷ ইফালে পুত্ৰৰ খবৰ নাপায় মাতৃয়েও কান্দোনত ভাগি পৰিছে ৷ পুত্ৰক একো কথাই দুনাই টানকৈ নকও বুলি কেমেৰাৰ সন্মুখত কৈ ইনাই বিনাই কান্দে মাতৃয়ে ৷
লগতে পঢ়ক: Road accident at Narayanpur: ঘন কুঁৱলীৰ বাবে বাহন বাগৰি এজন নিহত, আহত এজন