নলবাৰীত পথ দুৰ্ঘটনাত মৃত্যু এজন লোক
- নলবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Nalbari)
- দুৰ্ঘটনাটোত নিহত এজন লোক(Man killed in a road accident)
- নলবাৰীৰ ঘগ্ৰাপাৰৰ বাঘমাৰাত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো
- গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে গৈ থকা এখন বাইকে মহতিয়াই নিয়ে এজন পথচাৰীক
- দুৰ্ঘটনাটোত গুৰুতৰভাৱে আহত হয় ঘগ্ৰাপাৰ বাঘমাৰাৰ নগেন কলিতা নামৰ লোকজন
- আহত নগেন কলিতাক ততাতৈয়াকৈ নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়
- যদিও চিকিৎসালয়ত চিকিৎসকে নগেন কলিতাক মৃত বুলি ঘোষণা কৰে
- দিন হাজিৰা কৰি নগেন কলিতাই আন দিনাৰ দৰে আজিও ঘৰলৈ উভতি আহি আছিল
- কিন্তু মৃত্যুদূতৰূপী বাইকখনে নিমিষতে থান বান কৰি পেলাই সকলো