নলবাৰী,১৫ জুন : সুৰাই কাল হ’ল নলবাৰীৰ এটা পৰিয়ালৰ। ভাতৃৰ কুঠাৰাঘাতত থিতাতে নিহত হ'ল জ্যেষ্ঠ ভাতৃ আৰু ভাতৃৰ বন্ধু। শুকুৰবাৰে নিশা নলবাৰীস্থিত নমাতিত এই ভয়াৱহ ঘটনা সংঘটিত হয়। পাৰিবাৰিক সংঘাটৰ বাবে কাজিয়াৰ সুত্ৰপাত হোৱাৰ সন্দেহ।
অভিযোগ অনুসৰি পাৰিবাৰিক কণ্ডলৰ ফলত সুৰামত্ত পংকজ দেৱনাথ নামৰ এজন লোকে পৰিয়ালৰ সকলো সদস্যকে কুঠাৰেৰে আক্ৰমণ কৰে । অভিযুক্ত পংকজ দেৱনাথৰ কুঠাৰাঘাতত পংকজৰ জ্যেষ্ঠ ভাতৃ থিতাতে নিহত হোৱাৰ লগতে নিহত হয় ভাতৃৰ বন্ধুজনো । নিহত লোক কেইজনৰ নাম অজয় দেৱনাথ আৰু আৰু অজয়ৰ বন্ধু চন্দন দেৱনাথ । ইপিনে এই কণ্ডলৰ ফলত অজয় দেৱনাথৰ পত্নী চঞ্চলা দেৱনাথ আৰু পিতৃ জগবন্ধু দেৱনাথ গুৰুতৰভাৱে আহত হয় । লগতে স্থানীয় পইনুৰ আলী নামৰ লোক এজনো আঘাতপ্ৰাপ্ত হয়। নিহত অজয় দেৱনাথৰ পত্নীক সংকটজনক অৱস্থাত জি এম চি এইচলৈ প্ৰেৰণ কৰা হয়। পৰৱৰ্তী সময়ত নলবাৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও অভিযুক্ত পংকজ দেৱনাথে পলায়ন কৰে।