ETV Bharat / state

নলবাৰীত লক ডাউন উলংঘা কৰি বেংকত গ্ৰাহকৰ ভিৰ - ৰেড হটস্পট জিলা

নলবাৰীত লক ডাউন অমান্য কৰি অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰৰ ওচৰত দীঘলীয়া শাৰী গ্ৰাহকৰ । ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা জিলা খনক ৰেড হটস্পট জিলা হিচাপে ঘোষণা কৰাৰ পাচতো এনেদৰে সামাজিক দুৰত্ব বজাই নাৰাখি একাংশ ওলাই অহাৰ বাবে চিন্তিত সচেতন ৰাইজ ।

নলবাৰী
নলবাৰীত লক ডাউন উলংঘা কৰি বেংকত গ্ৰাহকৰ ভিৰ
author img

By

Published : Apr 17, 2020, 7:36 PM IST

নলবাৰী, ১৭ এপ্ৰিলঃ নলবাৰীত লকডাউনৰ বিপৰীত ছবি। নলবাৰী চহৰৰ নিচেই কাষৰ সন্ধাত থকা পঞ্চায়ত কাৰ্যলয়ৰ ওচৰত মহিলাৰ লানি নিচিগা শাৰী । কাৰ্যালয়টোৰ গাতে লাগি থকা অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰত ভিৰ কৰে মহিলা তথা অঞ্চলবাসীয়ে । অসম গ্ৰামীণ বিকাশ বেংকৰ গ্ৰাহক সেৱা কেন্দ্ৰটোৰ পৰা গ্ৰাহকসকলে টকা উলিয়াবৰ বাবেই কোনো নীতি-নিয়ম নামানি তথা সামাজিক দুৰত্ব বৰ্তাই নাৰাখি ধন উলিয়াবলৈ দীঘলীয়া শাৰী পতা পৰিলক্ষিত হয় ।

নলবাৰীত লক ডাউন উলংঘা কৰি বেংকত গ্ৰাহকৰ ভিৰ

উল্লেখ্য যে, ভাৰত চৰকাৰৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা জিলা খনক ৰেড হটস্পট জিলা হিচাপে ঘোষণা কৰা হৈছে । জিলাখনত বৰ্তমান পৰ্যন্ত পোৱা গৈছে চাৰিজনকৈ কৰ'ণা ভাইৰাছত আক্ৰান্ত ৰোগী । ইফালে ১০০ তকৈ অধিক ব্যক্তি ৰখা হৈছে কোৱাৰেন্টাইনত । তাৰ পাচতো সামাজিক দুৰত্ব বজাই নাৰাখি এনেদৰে দীঘলীয়া শাৰী পাতি ধন উলিওৱা কাৰ্যত শংকিত হৈ পৰিছে সচেতন ৰাইজ ।

লগতে চাওকঃ যোৰহাটত আৰ্তজনৰ কাষত এজন আৰক্ষী বিষয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.