ETV Bharat / state

বালিৰ পথাৰলৈ পৰিণত নলবাৰীৰ বৃহৎসংখ্যক কৃষি ভূমি - কৃষি মন্ত্ৰী অতুল বৰা

বাৰিষাৰ বান কৃষকসকলৰ বাবে একপ্ৰকাৰ অভিশাপস্বৰূপ ৷ ৰাজ্যৰ ভিন্ন অংশত বানে বিস্তৰ ক্ষতিসাধন কৰাৰ পিছত বালিৰ পথাৰলৈ পৰিণত হৈছে বৃহৎসংখ্যক কৃষিভূমি ৷ নলবাৰীৰ ভিন্ন প্ৰান্তৰ কৃষি ভূমি সমূহ বালিৰ পথাৰলৈ পৰিণত হোৱাত মুৰে-কপালে হাত দিছে কৃষকসকলে ৷ কিন্তু এইক্ষেত্ৰত নীৰৱ কৃষি বিভাগৰ কৃষকসকলক এই সমস্যাৰ পৰা উদ্ধাৰ কৰিবলৈ হাতত মজুত নাই কোনো আঁচনি ৷

Large tracts of agricultural land in Nalbari turned into sand dunes assam etv bharat news
চৰণীয়া পথাৰলৈ পৰিণত কৃষিভূমি
author img

By

Published : Jun 21, 2020, 1:59 PM IST

নলবাৰী,21 জুন: বানে গৰকা নলবাৰীত দুখ-দুৰ্দশাৰ অন্ত নাই কৃষকসকলৰ ৷ জিলাখনত বাৰিষাৰ বানত বুৰ যায় কৃষকৰ সপোন আৰু ঘামৰ মূল্য ৷ লক্ষণীয়ভাৱে, প্ৰতি বছৰে বানত কৃষকে হেৰুৱাই হাজাৰ-হাজাৰ বিঘা কৃষি ভূমি ৷ জিলাখনৰ পখুৰা হাতীপোতা অঞ্চলৰ বৃহত্তৰ ভূমি বানৰ কবলত পৰি বৰ্তমান অনুপযোগী হৈছে শস্যৰ বাবে ৷ অঞ্চলটোৰ প্ৰায়বোৰ খেতিপথাৰ বানে ধোৱাৰ পিছতে বালিৰে পৰিপূৰ্ণ হৈ মৰুভূমি সদৃশ পৰিৱেশলৈ পৰ্যবসিত হৈছে ৷ ফলত উপাৰ্জনৰ একমাত্র সম্বল হিচাপে থকা খেতিপথাৰসমূহ হেৰুৱাৱলগীয়া হৈছে কৃষকে ।

চৰণীয়া পথাৰলৈ পৰিণত কৃষিভূমি

উল্লেখ্য যে, চৰকাৰে কৃষিখণ্ডত নিত্য নতুন সংযোজন ঘটাই উৎপাদন বৃদ্ধিত গুৰুত্ব আৰোপ কৰিছে যদিও বিভিন্ন প্ৰাকৃতিক দুৰ্যোগৰ বাবে ধূলিস্যাৎ হৈছে কৃষকৰ সপোন । ভাৰত চৰকাৰৰ পৰিসংখ্যা বিভাগৰ তথ্য অনুসৰি 2013 চনৰ পৰা আজিকোপতি প্ৰতি বছৰে দেশত প্ৰায় 12,000 কৃষকে ভিন্ন কাৰণত আত্মহত্যা কৰাৰ তথ্য মজুত আছে ৷ কিন্তু কৃষকসকলৰ সমস্যাৰ প্ৰতি কোনো কাণসাৰ নাই মন্ত্ৰী অতুল বৰাৰ নেতৃত্বাধীন ৰাজ্যৰ বিয়াগোম কৃষি বিভাগৰ ৷

আনহাতে, জিলাখনৰ দাঁতি কাষৰীয়া ধনতোলাত 2004 চনত পাগলাদিয়াৰ বানে যথেষ্ঠ ক্ষতি কৰাৰ পিছত বৰ্তমান অঞ্চলটোৰ কৃষকসকলে নিজাববীয়া প্ৰচেষ্টাৰে প্ৰয়াস আৰম্ভ কৰিছে খেতি কৰাৰ ৷ সমান্তৰালকৈ নলবাৰী-বাক্সা সীমান্তৰ জাৰতালুকতো দেখা গৈছে একেই দৃশ্য ৷ কৃষিভূমি বুলিবলৈ অঞ্চলটোত বৰ্তমান পৰিলক্ষিত হৈছে বালিৰ দলিচা । প্ৰতিবছৰে বানৰ ফলত হাজাৰ-হাজাৰ বিঘা সাৰুৱা কৃষিভূমি বুৰ যায় পানীৰ তলত ৷ ইয়াৰ মূল কাৰণ হৈছে চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পৰা অহা পানীৰ ঢল । ভূটানৰ সৰু-বৰ কেইবাটাও বান্ধ বিশেষকৈ কুৰিশ্বু বান্ধৰ পানী এৰাৰ ফলত দীৰ্ঘদিনৰ পৰা যথেষ্ঠ ক্ষতিৰ সন্মুখীন হৈছে নলবাৰী-বাক্সাৰ কৃষকসকল ৷ কিন্তু প্ৰতি বছৰে একে সমস্যাৰ সন্মুখীন হোৱা কৃষকসকলক উদ্ধাৰৰ বাবে ৰাজ্যৰ কৃষি বিভাগৰ ওচৰত নাই কোনো সুনিৰ্দিষ্ট আঁচনি ৷ এই সমস্য়া কেতিয়া সমাধান হ’ব সেয়া এক কোটিটকীয়া প্ৰশ্ন হৈ পৰিছে ৷

কৃষি বিভাগৰ নাই কোনো কাণসাৰ

লগতে চাওকঃ বাঘজান তৈলক্ষেত্ৰ বন্ধৰ নিৰ্দেশ অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.