নলবাৰী,৫ আগষ্ট: ৰামমন্দিৰৰ শিলান্যাস আৰু ভূমিপূজনৰ দিনটোতে নলবাৰীত দেখা গ'ল নলবাৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিবাদী কাৰ্যসূচী ।
হাতে হাতে বেনাৰ ফেষ্ট'ন লৈ প্ৰতিবাদ সাব্যস্ত কৃষক মুক্তিৰ সদস্য সকলে সংগঠনটোৰ উপদেষ্টা অখিল গগৈকে ধৰি কাৰাবন্দী সকলো নেতাক চৰকাৰে বিনা চৰ্তে মুক্তি দিবলৈ জনালে দাবী ।
লগতে কা বাতিলৰ দাবীৰেও সৰৱ হ'ল ধৰ্ণা কাৰ্সূচীত উপস্থিত কৃষক মুক্তিৰ সদস্য সকল। অন্যথা আন্দোলন অধিক তীব্ৰতৰ কৰাৰ হুংকাৰ দিলে সংগঠনটোৱে ।