ETV Bharat / state

যুৱ প্ৰজন্মক কৃষি কৰ্ম তথা ব্যৱসায়ত জড়িত হোৱাৰ আহ্বান জীতেন দত্তৰ

author img

By

Published : Oct 6, 2021, 10:11 PM IST

থলুৱা জৈৱিক খাদ্য সামগ্ৰীৰ বিপনী মুকলি কৰিলে প্ৰাক্তন আলফা নেতা জিতেন দত্তই ৷ বিপনীখন মুকলি কৰি সন্তুষ্টি প্ৰকাশ কৰে প্ৰাক্তন আলফা নেতাজনে ৷

Jitin Dutta opens organic food shop in Nalbar
নলবাৰীত জৈৱিক খাদ্য সামগ্ৰীৰ বিপণি মুকলি জিতেন দত্তৰ

নলবাৰী, 6 অক্টোবৰ : নলবাৰীৰ কেইজনমান উদ্যমী যুৱকৰ একান্ত প্ৰচেষ্টাত গঢ়লৈ উঠা এখন থলুৱা জৈৱিক খাদ্য সামগ্ৰীৰ বিপনী মুকলি কৰিলে প্ৰাক্তন আলফা নেতা জিতেন দত্তই ৷ বিপনীখন মুকলি কৰি সন্তুষ্টি প্ৰকাশ কৰে প্ৰাক্তন আলফা নেতাজনে ৷ লগতে যুৱ প্ৰজন্মৰ স্বনিৰ্ভৰশীল প্ৰচেষ্টাই এদিন অসমৰ বজাৰ দখল কৰিব বুলি আশা প্ৰকাশ কৰে জিতেন দত্তই ৷

জিতেন দত্তই কয়, থলুৱা উৎপাদন বৃদ্ধি পালেহে বজাৰখন আমাৰ হাতত থাকিব ৷ কুকুৰা কণীৰ পৰা গাহৰিৰ লগতে অন্যান্য সামগ্ৰীৰ অধিকাংশই এতিয়া বহিঃৰাজ্যৰ পৰা আমদানি হ'বলৈ আৰম্ভ কৰিছে ৷ ইয়াৰ মূল কাৰণ প্ৰয়োজনকৈ থলুৱা সামগ্ৰীৰ উৎপাদন কম ৷

চৰকাৰী চাকৰিমুখী প্ৰৱণতা পৰিহাৰ কৰি যুৱপ্ৰজন্মই কৃষি কৰ্মৰ লগতে অন্যান্য ব্যৱসায়ৰ জৰিয়তে স্বনিৰ্ভৰশীল হ'বলৈ চেষ্টা কৰিব লাগিব ৷ যুৱপ্ৰজন্মৰ এনে প্ৰচেষ্টাই ৰাজ্যখনৰ নিবনুৱা সমস্যা সমাধান কৰিব ৷ ইয়াৰ লগতে কৃষি কৰ্ম আৰু ব্যৱসায়ত জড়িত হ'লে ৰাজ্যৰ ঘৰুৱা উৎপাদন বৃদ্ধি পাব আৰু বজাৰখনো অসমীয়া হাতত থাকিব বুলি কয় জিতেন দত্তই ৷

লগতে পঢ়ক: অনাৰসৰ পৰা ভেগান চামৰা প্ৰস্তুত কৰিব মেঘালয় চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.