ETV Bharat / state

শ্বহীদ মুকুন্দ কাকতি সুৰক্ষা সমিতিক সকীয়নি জয়ন্তমল্ল বৰুৱাৰ - Jayantamalla Baruah Swahid Mukunda Kakati Hospital

স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱাৰ উপস্থিতত নলবাৰীত শ্বহীদ মুকুন্দ কাকতি হাস্পতাল মুকলি । ১১০ বিচনাযুক্ত হাস্পতালখন মুকলি কৰি শ্বহীদ মুকুন্দ কাকতি সুৰক্ষা সমিতিৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ জয়ন্তমল্ল বৰুৱাৰ ।

Jayantamalla Baruah criticises protesters
শ্বহীদ মুকুন্দ কাকতি সুৰক্ষা সমিতিক সকীয়নি জয়ন্তমল্ল বৰুৱাৰ
author img

By ETV Bharat Assamese Team

Published : Nov 16, 2023, 6:15 PM IST

শ্বহীদ মুকুন্দ কাকতি সুৰক্ষা সমিতিক সকীয়নি জয়ন্তমল্ল বৰুৱাৰ

নলবাৰী,১৬ নৱেম্বৰ : নলবাৰীত শ্বহীদ মুকুন্দ কাকতি হাস্পতাল মুকলি কৰি অগ্নিশৰ্মা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা । শ্বহীদ মুকুন্দ কাকতি সুৰক্ষা সমিতিৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিল মন্ত্ৰীগৰাকী । মুকলি প্ৰত্যাহ্বানো জনালে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনৰ পূৰ্বৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ দাবীৰে ধাৰাবাহিকভাৱে শ্বহীদ মুকুন্দ কাকতি সুৰক্ষা সমিতিয়ে প্ৰতিবাদ অব্যাহত ৰাখিছে । প্ৰায় ৮ মাহ ধৰি নলবাৰীত বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে সুৰক্ষা সমিতিকে ধৰি কেইবাটাও দল-সংগঠনে । বৃহস্পতিবাৰে হাস্পতালখন মুকলিৰ পূৰ্বেও সুৰক্ষা সমিতিয়ে নলবাৰী চহৰত প্ৰতিবাদ কৰে । যাক লৈ ক্ষোভিত হৈ পৰিছে স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্তমল্ল বৰুৱা ।

একাংশ বহিৰাগত লোকে আহি নলবাৰীৰ ৰাইজক ভুৱা বাতৰি বিয়পাই উচটনি দিয়াৰ অভিযোগ কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । আজিৰ ভিতৰত তেওঁলোকক নলবাৰী ত্যাগ কৰিবলৈ ভাবুকি দিয়ে মন্ত্ৰীগৰাকীয়ে । অন্যথা জেলত ভৰোৱাৰো হুংকাৰ প্ৰদান কৰে জয়ন্তমল্ল বৰুৱাই । লোকসকলে নলবাৰীলৈ আহি পৰিৱেশ বিনষ্ট কৰা বুলি তেওঁ দাবী কৰে ।

উল্লেখ্য যে নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন নলবাৰী মেডিকেল কলেজৰে সংলগ্ন কৰাৰ ফলত হাস্পতালখনত চিকিৎসা সেৱা বহু পৰিমাণে প্ৰভাৱিত হৈছিল । যাৰ ফলশ্ৰুতিত নলবাৰীত বিভিন্ন স্তৰৰ লোকে হাস্পতালখন পুনৰ ঘুৰাই বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল । ইয়াৰ মাজতে বৃহস্পতিবাৰে ১১০ খন বিছনাযুক্ত শ্বহীদ মুকুন্দ কাকতি হাস্পতালখন মুকলি কৰা হয় ।

আনহাতে শ্বহীদ মুকুন্দ কাকতি সুৰক্ষা সমিতিক প্ৰত্যাহ্বান জনাই নলবাৰীত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত ২৫ শতাংশ দৰিদ্ৰ সীমাৰেখাৰ তলৰ শিক্ষাৰ্থীক নামভৰ্তি কৰাবলৈ সকীয়নি প্ৰদান কৰে মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । নলবাৰীৰ প্ৰতিখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকৰ সন্তানে নামভৰ্তি নাপালে বিদ্যালয়ৰ স্বতাধিকাৰীক জেলত ভৰোৱাৰ হুংকাৰ প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে নলবাৰী শ্বহীদ মুকুন্দ কাকতি চিকিৎসালয়খন মুকলি অনুষ্ঠানত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তও উপস্থিত থাকে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা এই হাস্পতালখনত সকলো ধৰণৰ সুবিধা উপলব্ধ হ'ব ।

লগতে পঢ়ক :Bhabesh Kalita at Narayanpur : ভূপেন বৰাই কংগ্ৰেছ দলটো ধ্বংস কৰিলে : ভৱেশ কলিতা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.