নলবাৰী, 18 ছেপ্তেম্বৰ : অসমত এতিয়া চান্দাজীৱি মানুহৰ নহয় শ্ৰমজীৱী মানুহৰ ৰাজত্ব চলিব ৷ এই মন্তব্য প্ৰদান কৰিছে জয়ন্ত মল্ল বৰুৱাই ৷ নলবাৰীত উপস্থিত হৈ এই মন্তব্য অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ 70 তম জন্মদিন উপলক্ষে সেৱা সপ্তাহৰ লগত সংগতি ৰাখি নলবাৰী নাট্য মন্দিৰত শ্ৰমিক সম্বৰ্দ্ধনা অনুষ্ঠানত এই মন্তব্য কৰে নেতা গৰাকীয়ে । আনহাতে,নৰেন্দ্ৰ মোদীৰ নেতৃত্বত আত্মনিৰ্ভৰশীল ভাৰত,আত্মনিৰ্ভৰশীল অসম এই শ্ৰমজীৱী লোকসকলে আগুৱাই নিছে বুলিও মন্তব্য প্ৰদান নেতা গৰাকীৰ ।
উল্লেখ্য যে,উক্ত শ্ৰমিক সম্বৰ্দ্ধনা অনুষ্ঠানত বৰপেটা,মঙলদৈ,নলবাৰী আদি বিভিন্ন জিলাৰ শ্ৰমিক সকল উপস্থিত থাকে ৷ প্ৰতিজন শ্ৰমিকক একোটাকৈ জাপি, গামোচা আৰু এখন মানপত্ৰ প্ৰদান কৰা হয় । নলবাৰী জিলা বিজেপি সমিতিৰ উদ্যোগত এই সম্বৰ্দ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হৈছে । অনুষ্ঠানত উপস্থিত থাকে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা আৰু বিজেপিৰ মুখপাত্ৰ মনোজ বৰুৱা ।
লগতে পঢ়ক : ইউপিপিএলৰ পৰিষদ গঠন হ’লে জেললৈ যাব হাগ্ৰামা মহিলাৰী : ৰঞ্জিৎ বসুমতাৰী