ৰঙিয়া, 12 জুন : ৰাজ্য চৰকাৰে উন্নয়নৰ ধাক-ঢোল বজাই থকাৰ সময়তে পোহৰলৈ আহিছে বিকশিত অসমৰ এখন পুতৌ লগা ছবি ৷ ভাৰত-ভূটান সংযোগী আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙিয়া নগৰৰ এন টি ৰোডৰ বিধ্বস্ত অৱস্থাই জলা-কলা খুৱাইছে স্থানীয় ৰাইজক (Indo Bhutan International Highway turns into a deadly trap) ৷ আন্তঃৰাষ্ট্ৰীয় ঘাইপথটো জহি-খহি যোৱাৰ ফলত প্ৰতিদিনে এটাৰ পিছত আন এটা দুৰ্ঘটনা সংঘটিত হৈছে ।
তাৰ পিছতো ৰঙিয়া সমষ্টিৰ বিধায়ক তথা বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাই (MLA and BJP state president Bhavesh Kalita)পথটোৰ মেৰামতিৰ সন্দৰ্ভত কোনো কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ এই পথটোৰে দৈনিক কেইবাসহস্ৰাধিক যান-বাহন চলাচল কৰে ৷ কিন্তু পথৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে লগতে যাত্ৰীসকলে যাতায়তৰ নামত যমৰ যাতনা ভুগিব লগা হৈছে ৷ বছৰটোৰ বাৰ মাহে পথটো বোকা পানীৰে কদৰ্যময় হৈ থাকে (Pathetic road in Rangia) ৷
সময়ে সময়ে পথটো মেৰামতি কৰা হৈছিল যদিও পথটো নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে পুনৰ জহি খহি যোৱাৰ অভিযোগ উঠিছে ।
এজাক বৰষুণতেই পথটোৰ গাঁতসমূহ পুখুৰী সদৃশ হৈ পৰে ৷ বিশেষকৈ অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীৰ লগতে শিশু, বৃদ্ধ লোকসকলে পথটোত বোকা-পানী গছকি অতি কষ্টেৰে অহা-যোৱা কৰিব লগা হৈছে ৷ পথটোৰ এনে দুৰ্গতিৰ বাবে অঞ্চলটোত প্ৰতিদিনে দুৰ্ঘটনা সংঘটিত হৈছে । আনহাতে, জৰুৰীকালীন সময়ত জৰাজীৰ্ণ ৰাস্তাটোৰ বাবে অঞ্চলটোলৈ এম্বুলেঞ্চ অথবা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী যাব নোৱৰাত স্থানীয় লোকসকল যথেষ্ট শংকিত হৈ পৰিছে ৷
শোচনীয় পথটোৰ মেৰামতিৰ বাবে চৰকাৰক স্থানীয় ৰাইজে বাৰম্বাৰ দাবী জনাই অহাৰ পিছতো চৰকাৰে কোনো কাণসাৰ দিয়া নাই বুলি জাঙুৰ খাই উঠে স্থানীয় ৰাইজে ৷ অতি শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ ক্ষুব্ধ ৰাইজে দাবী জনায় ।
লগতে চাওক : নামমাত্ৰ পথ মেৰামতিৰে চৰকাৰী ধন আত্মসাতৰ অভিযোগ