ETV Bharat / state

নলবাৰীত পথ নিৰ্মাণত ঠিকাদাৰৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ - ঠিকাদাৰ জ্যোতিপ্ৰসাদ বৈশ্য

নলবাৰীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনৰ ৷ অতি শীঘ্ৰে পথ মেৰামতিত সংঘটিত হোৱা দুৰ্নীতি তদন্ত কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী তুলিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে ৷

নলবাৰীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি
author img

By

Published : Aug 16, 2019, 10:36 AM IST

নলবাৰী, 16 আগষ্টঃ নলবাৰীৰ ঘগ্ৰাপাৰ-বৰাজোল সংযোগী পথ মেৰামতিত ব্যাপক দুৰ্নীতিৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ দীৰ্ঘদিন ধৰি পথ মেৰামতিৰ কাম সম্পূৰ্ণ নকৰাৰ অভিযোগ ঠিকাদাৰৰ বিৰুদ্ধে ৰাইজৰ ৷

নলবাৰীত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি

দীৰ্ঘ দিন ধৰি নলবাৰীৰ ঘগ্ৰাপাৰ-বৰাজোল সংযোগী পথছোৱাত এতিয়া বোকাময় ।পথটোত এতিয়া পুখুৰী সদৃশ গাঁত ৷ যাৰ ফলত এতিয়া ৰাইজে ভুগিছে নৰক যন্ত্ৰণা ৷ অতি লেহেমীয়া গতিৰে নিৰ্মাণ কাৰ্য চলোৱাৰ অভিযোগ ঠিকাদাৰ জ্যোতিপ্ৰসাদ বৈশ্যৰ বিৰুদ্ধে ৷ নিৰ্মাণৰ নামত মাত্ৰ কেই গাড়ীমান মাটি,শিল আৰু বালি দিয়েই দায়িত্ব সামৰাৰ অভিযোগ ৰাইজৰ ৷ কণ-কণ ছাত্ৰ-ছাত্ৰীৰ লগতে পথাচাৰীয়ে বিধস্ত পথটোৰেই যাতায়াত কৰিবলগীয়া হোৱাত ক্ষুব্ধ হৈ পৰিছে ৷ উক্ত পথটোৰ মেৰামতিৰ নামত প্ৰায় ডেৰ কোটি টকা আৱন্টন পাইছিল ঠিকাদাৰ জ্যোতিপ্ৰসাদ বৈশ্যই ৷ আনহাতে ঠিকাদাৰ স্থানীয় বিধায়ক অশোক শৰ্মাৰ অতি ঘনিষ্ঠ হোৱাৰ বাবে দুৰ্নীতি কৰিবলৈ সাহস পোৱা বুলি একাংশ ৰাইজে অভিযোগ কৰিছে ৷

দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কোৱা এই বিজেপি চৰকাৰৰ দিনত মন্ত্ৰী-বিধায়কৰ ঘনিষ্ঠ হোৱা বাবেই সাৰি যাব নেকি দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ বা বিষয়া কৰ্মচাৰী! অতি শীঘ্ৰে উক্ত পথটোত সংঘটিত হোৱা দুৰ্নীতি তদন্ত কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী তুলিছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল সংগঠনে ৷

Intro:#ঠিকাদাৰ জ্যোতিপ্ৰসাদ বৈশ্যৰ কামত অতিষ্ঠ ৰাইজ#

#মন্ত্ৰী বিধায়কৰ ছত্ৰছায়াত আধাতে সামৰে পথ নিৰ্মাণ কাৰ্য#

#চকু মুদা কুলিৰ ভাওত গড়কাপ্তানী বিভাগ#

#বিধায়ক অশোক শৰ্মাৰ আশীৰ্বাদতে দূৰ্নীতিৰ পাহাৰ গঢ়িছে ঠিকাদাৰ জ্যোতিয়ে#

Body:কৈ থাকিলে ওৰকে নপৰে ঠিকাদাৰ জ্যোতিপ্ৰসাদ বৈশ্যৰ কামৰ নমুনা।জিলাখনত মন্ত্ৰী বিধায়কৰ ঘনিষ্ঠ হৈ পালমৰা কামৰে দায়িত্ব সামৰিছে জ্যোতিপ্ৰসাদে। কাণসাৰ নাই গড়কাপ্তানি বিভাগৰ।উল্লেখ্য যে মন্ত্ৰী বিধায়কৰ অতি ঘনিষ্ঠ হোৱা বাবে জিলাখনৰ প্ৰায় পথ নিৰ্মাণৰ আৱন্টন পাই আহিছে যদিও কামত গাফিলতি কৰি সৰকাইছে চৰকাৰী ধন।চৰকাৰী ধনৰ শৰাধ পাতিছে এইগৰাকী ঠিকাদাৰ জ্যোতিপ্ৰসাদে।এতিয়া এই দৃশ্যলৈ মন কৰক এইটো কোনো পুৰণি পথ নহয়।এইটো এটা নিৰ্মীয়মান পথ।এফালে জাজিয়াবাৰী-আল্লিয়া সংযোগী পথৰ পৰা সংলগ্ন হৈ আনফালে ঘগ্ৰাপাৰ-বৰাজোল সংযোগী পথৰ সৈতে সংলগ্ন হোৱা শ্ৰীপুৰৰ মাজেৰে যোৱা পথ এইছোৱা। ২০১৮ চনতে নিৰ্মাণ কৰিবলৈ লোৱা এই পথছোৱাত এতিয়া কেৱল যমৰ যাতানা।পথটোত এতিয়া বোকাময়।যাৰ ফলত এতিয়া ৰাইজে ভুগিছে নৰক যন্ত্ৰণ৷অতি লেহেমীয়া গতিৰে চলাইছে নিৰ্মাণ কাৰ্য্য৷নিৰ্মাণৰ নামত মাত্ৰ কেই গাড়ীমান মাটি,শিল আৰু বালি দিয়ে সামৰিছে দায়িত্ব৷প্ৰায় ডেৰ কিলমিটাৰ পথ কিদৰে পালমাৰি দায়িত্ব সামৰিছে ঠিকাদাৰে।মাত্ৰ কেইগাড়ীমান মাটি পেলাই লুন্ঠন চলাইছে চৰকাৰী ধনৰ।যাৰ বাবে জাঙুৰ খাই উঠিছে পথটোৰ দুয়োপাৰে বাস কৰা জনতা।ঠিকাদাৰৰ ছাটো নেদেখা এই গৰাকী জোতিপ্ৰসাদে বিধায়ক অশোক শৰ্মাৰ অতি ঘনিষ্ঠ।আৰু ঘনিষ্ঠ হোৱাৰ সুবাদতে ৰাইজৰ কামলৈ পিছ দি এইদৰে লুন্ঠন চলাইছে।

বাইট=স্থানীয় লোক৷

পৰিবৰ্তনৰ শ্লোগানৰে গঠন হোৱা বিজেপি চৰকাৰে এই দুৰ্নীতি গ্ৰস্ত ঠিকাদাৰৰ বিৰুদ্ধে ব্যৱস্থা লব পাৰিবনে?শূন্য শহনশীলতাৰ কথা কোৱা এই বিজেপি চৰকাৰে মন্ত্ৰী-বিধায়কৰ ঘনিষ্ঠ হোৱা বাবেই সাৰি যাব নেকি?কেতিয়া তদন্ত কৰিব এইজন ঠিকাদাৰৰ বিৰুদ্ধে।গড়কাপ্তানী মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কি ব্যৱস্থা গ্ৰহণ কৰিব এইজন জ্যোতিপ্ৰসাদৰ বিৰুদ্ধে।এতিয়া ৰাইজে পথছোৱাত উপাযুক্তৰ হস্তক্ষেপ কৰাটো বিছাৰিছে।পিছে কি ব্যৱস্থা লব দূৰ্নীতি গ্ৰস্ত ঠিকাদাৰক।পৰবৰ্তী প্ৰতিবেদনত পুনৰ দেখুৱাম কিদৰে চলাইছে জ্যোতিপ্ৰসাদে লুন্ঠন।Conclusion:নলবাৰীৰ পৰা কৈলাস ডেকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.