ETV Bharat / state

পৰিচয় ওলাল নলবাৰীত হত্যাকাণ্ডৰ বলি হোৱা মহিলাগৰাকীৰ

author img

By

Published : May 8, 2020, 6:43 PM IST

বাটসৰ দূৰ্গামন্দিৰত ডিঙি কটা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো নলবাৰীৰ বামুনবৰীৰ ৰুমী বেগমৰ বুলি চিনাক্ত কৰে পৰিয়ালৰ লোকে ৷

identified the beheaded body of nalbari murder case

নলবাৰী, 8 মে': অৱশেষত পৰিচয় ওলাল নলবাৰীৰ বাটসৰত হত্যাকাণ্ডৰ বলি হোৱা মহিলাগৰাকীৰ ৷ বাটসৰ দূৰ্গামন্দিৰত ডিঙি কটা অৱস্থাত উদ্ধাৰ হোৱা মৃতদেহটো এগৰাকী বিবাহিতা মহিলাৰ বুলি জানিব পৰা গৈছে ৷ মহিলা গৰাকী তিনি সন্তানৰ মাতৃ ৰুমী বেগম বুলি চিনাক্ত কৰে মোমায়েকে ৷

সন্ধান ওলাল নলবাৰীত হত্যাকাণ্ডৰ বলি হোৱা মহিলাগৰাকীৰ

বিগত 4 দিন ধৰি কোনো সম্ভেদ নোপোৱা মহিলা গৰাকীৰ মৃতদেহ শুকুৰবাৰে পুৱা শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ মৰ্গত প্ৰত্যক্ষ কৰি, মহিলা গৰাকী নলবাৰীৰ বামুনবৰীৰ ৰুমী বেগম বুলি চিনাক্ত কৰে মোমায়েকে ৷ নলবাৰীৰ বামুনবৰীৰ ৰুমী বেগমক বিয়া দিয়া হৈছিল বেজেৰাৰ ডুমুনিচকীত ৷ তিনি সন্তানৰ মাতৃ ৰুমী বেগমক নিজ স্বামী চাদেক আলিয়ে হত্যা কৰাৰ অভিযোগ উত্থাপন কৰিছে পৰিয়ালৰ লোকে ৷ উল্লেখ্য যে, মহিলাগৰাকীৰ জ্যেষ্ঠ কন্যাও সেইদিনাৰ পৰাই সন্ধানহীন হৈ আছে বুলি অভিযোগ উত্থাপন হৈছে ৷ এই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷

লগতে পঢ়কঃ নলবাৰীৰ দুৰ্গা মন্দিৰ চৌহদত উদ্ধাৰ যুৱতীৰ মৃতদেহ !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.