ETV Bharat / state

Students Protest in Nalabari: নলবাৰীত স্কুটী বিচাৰি ভাগিনীৰ আব্দাৰ মামাক

author img

By

Published : Jul 27, 2022, 10:00 PM IST

নলবাৰীত স্কুটী বিচাৰি ৰাজপথত ছাত্ৰীৰ প্ৰতিবাদ । ২০২১ চনৰ উচ্চতৰ মাধ্যমিক (HS exam 2021) চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক স্কুটী প্ৰদান নকৰাত পুনৰ প্ৰতিবাদমুখৰ হৈ পৰিল নলবাৰী (Students protest demanding scooty in Nalbari)৷

hs-students-protest-demanding-scooty-from-assam-govt
আমাক স্কুটি লাগিবই শ্লোগানেৰে নলবাৰীত ছাত্ৰীৰ প্ৰতিবাদ

নলবাৰী, 27 জুলাই : ২০২১ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত(HS exam 2021) সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক স্কুটী প্ৰদান নকৰাত শতাধিক ছাত্ৰীয়ে মঙলবাৰে সাব্যস্ত কৰিছিল তীব্ৰ প্ৰতিবাদ ৷ ইয়াৰ পিছতে বুধবাৰে পুনৰ নিজৰ অধিকাৰ প্ৰাপ্তিৰ দাবীত ৰাজপথলৈ ওলাই আহিল নলবাৰীৰ প্ৰায় অৰ্ধশতাধিক ছাত্ৰী (HS students protest demanding scooty from Assam govt) ৷

২০২১ চনৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰীসকলক স্কুটী প্ৰদান নকৰাৰ বাবে বুধবাৰে ধমধমা আঞ্চলিক কলেজ চৌহদৰ পৰা ধমধমা আৰক্ষী চকীলৈ অৰ্ধশতাধিক ছাত্ৰীয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ছাত্ৰীসকলে হাতে হাতে প্লেকাৰ্ড, ফেষ্টুনলৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ ছাত্ৰীসকলে আমাক স্কুটী লাগিবই, বৈষম্য নীতি পৰিহাৰ কৰক, আমাক ন্যায় দিয়ক, স্কুটী নোপোৱালৈ ক্ষান্ত নহওঁ আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷

উল্লেখ্য যে, ২০২২ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰীসকলক মুখ্যমন্ত্ৰীয়ে স্কুটী প্ৰদানৰ আশ্বাস(Scooty to Assam Students) দিয়াৰ পাছতেই ২০২১ বৰ্ষৰ ছাত্ৰীসকলক মাহীআইৰ দৃষ্টিৰে চোৱাৰ অভিযোগ তুলিছে এইসকল ছাত্ৰীয়ে ৷

লগতে পঢ়ক : Students Protest in Nalabari: মামাৰ পৰা স্কুটী বিচাৰি ৰাজপথ কঁপালে মেট্ৰিক উত্তীৰ্ণ ভাগিনীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.