ETV Bharat / state

সংখ্যালঘু প্ৰীতিটো বেয়া কথা নহয়; কিন্তু মিঞা প্ৰীতিটোহে বেয়া: ড৹ হিমন্ত বিশ্ব শৰ্মা - মা মনসা পূজা

দেওবাৰে নলবাৰীৰ বৰ আজাৰাত স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা উপস্থিত হৈ শেহতীয়াভাৱে ৰাজ্যত সংঘটিত হৈ অহা ধৰ্মীয় কেতবোৰ ঘটনা সন্দৰ্ভত মন্তব্য কৰি কয় যে, সংখ্যালঘু প্ৰীতিটো বেয়া কথা নহয়; কিন্তু মিঞা প্ৰীতিটোহে বেয়া ৷

সংখ্যা লঘু প্ৰীতিটো বেয়া কথা নহয়, কিন্তু মিঞা প্ৰীতিটোহে বেয়া: ড৹ হিমন্ত বিশ্ব শৰ্মা

author img

By

Published : Jan 17, 2021, 2:21 PM IST

নলবাৰী, 17 জানুৱাৰী: নলবাৰীৰ বৰ আজাৰাত উপস্থিত স্বাস্থ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ বিজেপিৰ ৰাজ্যিক সাংগঠনিক সম্পাদক ফণী শৰ্মাৰ ঘৰত আয়োজন কৰা মা মনসা পূজাত উপস্থিত হয় স্বাস্থ্যমন্ত্ৰী গৰাকী ৷ শেহতীয়াভাৱে ৰাজ্যত সংঘটিত হৈ অহা ধৰ্মীয় কেতবোৰ ঘটনা সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্ন উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে, সংখ্যালঘু বুলি ক'লে বহুত মানুহক বুজাই ৷ আমাৰ অসমীয়া মুছলমান সমাজকো বুজাই ৷ সংখ্যালঘু প্ৰীতিটো বেয়া কথা নহয়; কিন্তু মিঞা প্ৰীতিটোহে বেয়া ৷ সংখ্যালঘু হৈ থাকক, কোনো আপত্তি নাই' কিন্তু মিঞা মিউজিয়াম, মিঞা কালচাৰ এইবিলাকহে হ'ব নাপায় ।

সংখ্যা লঘু প্ৰীতিটো বেয়া কথা নহয়, কিন্তু মিঞা প্ৰীতিটোহে বেয়া: ড৹ হিমন্ত বিশ্ব শৰ্মা

ইফালে ক'ভিডৰ ভেকচিন সন্দৰ্ভত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই কয় যে, শনিবাৰৰ দিনটোত ৰাজ্যৰ 65 টা স্থানত 6,500 গৰাকী লোকে ক'ভিডৰ ভেকচিন গ্ৰহণ কৰিছে । কোনো লোকৰে এই পৰ্যন্ত কোনো পাৰ্শ্বক্ৰিয়া হোৱা নাই, কোনো লোকে বিষ অনুভৱ কৰা নাই । ইপিনে প্ৰথম পৰ্যায়ত পূৰ্ব নিৰ্ধাৰিত 2 লাখ 90 হাজাৰ লোককে ভেকচিন ল'বলৈ আহ্বান মন্ত্ৰী হিমন্ত বিশ্বৰ । ইয়াৰ লগতে অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱা আৰু বিজেপিৰ ৰাষ্ট্রীয় সম্পাদক দিলীপ শইকীয়াইও পূজাত উপস্থিত থাকি মা মনসাৰ আশীৰ্বাদ গ্ৰহণ কৰে ৷

লগতে পঢ়ক: বড়ো জনগোষ্ঠীৰ উন্নয়ন সন্দৰ্ভত বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৰ বৈঠক

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.