ETV Bharat / state

নলবাৰীৰ বৰকুৰাত উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন হিমন্ত বিশ্ব শৰ্মাৰ - Nalbari Himanta Biswa sarma foundation stone

উল্লেখ্য যে এই সভাতে উৰণীয়া সেতু স্থাপনৰ ফলত স্থানীয় লোকৰ হ'ব পৰা ক্ষতি সম্পৰ্কে এগৰাকী মুক্তি যোদ্ধাৰ পুত্ৰই প্ৰতিবাদ কৰি মঞ্চতে ক্ষোভ প্ৰকাশ কৰে ।

নলবাৰীৰ বৰকুৰাত উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন
author img

By

Published : Nov 11, 2019, 11:37 PM IST

নলবাৰী, 11 নৱেম্বৰ : সমাধানৰ পথত নলবাৰী জিলাৰ বহুদিনীয়া এটা সমস্যা । ৰাষ্ট্ৰীয় ঘাইপথৰ বিকল্প পথ হিচাপে নিৰ্মাণ হৈ থকা সন্ধ্যা-বৰকুৰা পথৰ বৰকুৰাত সোমবাৰে আনুষ্ঠানিকভাৱে উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰে গড়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । 70 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ'ব লগীয়া এই উৰণীয়া সেতুখন 820 মিটাৰ দৈৰ্ঘ্যৰ বুলি জানিব পৰা গৈছে ৷ আধাৰশিলা স্থাপন অনুষ্ঠানৰ মুকলি সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নতুন কেইবাখনো আঁচনি ঘোষণা কৰাৰ লগতে নলবাৰীৰ সন্ধ্যাত তৃতীয় খন উৰণীয়া সেতু নিৰ্মাণ কৰা হ'ব বুলিও ঘোষণা কৰে ।

উক্ত অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে নলবাৰীৰ বাট-পথৰ বাবে নতুনকৈ 33 কোটি টকা অনুমোদন দিব বুলিও ঘোষণা কৰে । ইয়াৰোপৰি সকলো স্বামীহীনা মহিলাক ইন্দিৰা মিৰি আঁচনিৰ জৰিয়তে বিধবা পেন্সন প্ৰদানৰ লগতে নতুন আঁচনি অনুসৰি এতিয়াৰে পৰা আই চি ইউত থকা ৰোগীক অটল অমৃত অভিযানৰ পৰা 2 লাখ টকা প্ৰদান কৰা হ'ব ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

বৰকুৰাত উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন

উল্লেখ্য যে, 12 বছৰৰ তলৰ যিকোনো শিশুৰ শৈল্য চিকিৎসাৰ বাবেও অটল অমৃত যোজনাৰ অধীনত দুই লাখ টকা ঘোষণা কৰে মন্ত্ৰীগৰাকীয়ে । অসম দৰ্শন আঁচনিৰ দ্বাৰা 100 বছৰ পুৰণি 1000 থান, মন্দিৰ আৰু নামঘৰৰ উন্নয়নৰ নামত 700 কোটি টকা প্ৰদানৰ লগতে গৃহ ঋণৰ বাবে 2 লাখ 50 হাজাৰ টকা ৰাজ সাহাৰ্য প্ৰদান আৰু অভিনন্দন আঁচনিৰ জৰিয়তে শিক্ষাৰ্থী সকলক 50 হাজাৰ টকা প্ৰদানৰ কথা ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই । আনহাতে মুদ্ৰা আঁচনিৰ ঋণ ল'লে অসম চৰকাৰে 10000 টকা ঋণ পৰিশোধ কৰিব বুলিও এই সভাত হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে । লগতে অৰুন্ধতি আঁচনিৰ জৰিয়তে এক টোলা সোণৰ সলনি এতিয়া সোণৰ মূল্য প্ৰদান কৰা হ'ব বুলিও ঘোষণা কৰে মন্ত্ৰী গৰাকীয়ে ।

উক্ত সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে সাংসদ দিলীপ শইকীয়া, বিধায়ক অশোক শৰ্মা, নাৰায়ণ ডেকা, গড়কাপ্তানি বিভাগৰ সচিব দিব্যজোতি চহৰীয়াকে ধৰি কেইবাজনো বক্তাই ভাষণ প্ৰদান কৰে । উল্লেখ্য যে, এই সভাতে উৰণীয়া সেতু স্থাপনৰ ফলত স্থানীয় লোকৰ হ'ব পৰা ক্ষতি সম্পৰ্কে এগৰাকী মুক্তি যোদ্ধাৰ পুত্ৰই প্ৰতিবাদ কৰি মঞ্চতে ক্ষোভ প্ৰকাশ কৰে ।

Intro:নলবাৰীত হিমন্ত বিশ্ব শৰ্মা।

বৰকুৰাত উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন।Body:নলবাৰীৰ বহুদিনীয়া এক সমস্যা সমাধানৰ পথত । ৰাষ্ট্ৰীয় ঘাই পথৰ বিকল্প পথ হিচাপে নিৰ্মাণ হৈ থকা সন্ধ্যা বৰকুৰা পথৰ বৰকুৰাত আজি আনুষ্ঠানিক ভাৱে উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰে গড়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । ৰাষ্ট্ৰীয় ঘাই পথৰ পৰা নলবাৰী চহৰত প্ৰবেশ কৰা এই পথটোত ৰেল ক্ৰচিং থকা বাবে দৈনিক যাতনা ভূঞ্জি আহিছিল নলবাৰীয়া ৰাইজে । আৰু আজি 820 মিটাৰ দৈৰ্ঘ্যৰ এই উৰণীয়া সেতুৰ আধাৰশিলা স্থাপন কৰে গড়কাপ্তানি মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । 70 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হব লগা এই উৰণীয়া সেতুই নলবাৰীৰ এক ডাঙৰ সমস্যা সমাধান কৰিব । ইয়াৰ পিছতে অনুষ্ঠিত মুকলি সভাত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইবাখনো নতুন আঁচনি ঘোষণা কৰাৰ লগতে নলবাৰীৰ সন্ধ্যাত তৃতীয় খন উৰণীয়া সেতু নিৰ্মাণ কৰা হব বুলিও ঘোষণা কৰে ।
নলবাৰীৰ বাট পথৰ বাবে পূৰ্বে 32 কোটি অনুমোদন কৰা হৈছিল আৰু এতিয়া নতুনকৈ 33 কোটি টকা অনুমোদন দিয়া হব বুলিও ঘোষণা মন্ত্ৰী ড° হিমন্তৰ । ইপিনে সকলো বিধবাকে ইন্দিৰা মিৰি আঁচনিৰ জৰিয়তে বিধবা পেন্সন দিয়া হব আৰু স্বামী ঢুকালে বিধবা মহিলাক 25 হাজাৰ টকা প্ৰদান কৰা হব । একেদৰে নতুন আঁচনি অনুসৰি এতিয়াৰে পৰা আই চি ইউ থকা ৰোগীক অটল অমৃত অভিযানৰ পৰা দুই লাখ টকা দিয়া হব । বাৰ বছৰৰ তলৰ যিকোনো শিশুৰ শৈল্য চিকিৎসাৰ বাবেও অটল অমৃত যোজনাৰ অধীনত দুই লাখ টকা দিয়া হব । অসম দৰ্শন আচনিৰ দ্বাৰা এশ বছৰ পুৰণি এক হাজাৰ থান, মন্দিৰ আৰু নামঘৰৰ উন্নয়ন কৰা হব আৰু উন্নয়নৰ নামত 700 কোটি টকা খৰছ কৰা হব । গৃহ ঋণৰ বাবে 2'5 লাখ ৰাজ সাহাৰ্য্য দিয়া হব আৰু অভিনন্দন আঁচনিৰ জৰিয়তে ছাত্ৰ ছাত্ৰী সকলক 50 হাজাৰ টকা প্ৰদান কৰা হব । মুদ্ৰা আঁচনিৰ ঋণ ল'লে অসম চৰকাৰে দহ হাজাৰ টকা ঋণ পৰিশোধ কৰিব বুলিও এই সভাত হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে । ইপিনে অৰুন্ধতি আঁচনিৰ জৰিয়তে এক টোলা সোণৰ সলনি এতিয়া সোণৰ মুল্য দিয়া হব বুলিও ঘোষণা মন্ত্ৰী হিমন্তৰ ।
এই মুকলি সভাত সাংসদ দিলীপ শইকীয়া , বিধায়ক অশোক শৰ্মা, নাৰায়ণ ডেকা, গড়কাপ্তানি বিভাগৰ সচিব দিব্যজোতি চহৰীয়া আদি কেইবাজনো বক্তাই ভাষণ প্ৰদান কৰে । ইপিনে আজিৰ সভাত এই উৰণীয়া সেতু স্থাপনৰ ফলত স্থানীয় লোকৰ হব পৰা ক্ষতি সম্পৰ্কে এগৰাকী মুক্তি যোদ্ধাৰ পুত্ৰই প্ৰতিবাদ কৰি মঞ্চতে ক্ষোভ প্ৰকাশ কৰে ।

Bite 1= হিমন্ত বিশ্ব শৰ্মা৷

Conclusion:কৈলাস ডেকা, নলবাৰী।

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.