নলবাৰী, 30 এপ্ৰিল : কৰ'ণা ভাইৰাছৰ বাবে ৰেড জ'ন হিচাপে ঘোষণা কৰিছিল অসমৰ নলবাৰী আৰু গোলাঘাট জিলা ৷ জিলা দুখনৰ কেইবাটাও অঞ্চল প্ৰশাসনে ছীল কৰি কোৱাৰেন্টানৰ ব্যৱস্থা কৰাৰ পিছত বৃহস্পতিবাৰে জিলা দুখন ৰেড জ'নৰ পৰা মুক্ত হোৱা বুলি ঘোষণা কৰে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ বৃহস্পতিবাৰে নলবাৰীত এক সংবাদ মেল যোগে নলবাৰীৰ মল্লা পাৰা অঞ্চলটো মুকলি কৰি দিয়াৰ বাবে নিৰ্দেশ দিয়ে মন্ত্ৰী গৰাকীয়ে ৷
অৱশ্যে গোলাঘাট জিলাখন শুকুৰবাৰৰ পৰাহে ৰেড জ'ন এলেকাৰ পৰা মুক্ত কৰি দিয়া হ'ব বুলি ঘোষণা মন্ত্ৰী গৰাকীৰ ৷ আনহাতে তিনি মে'ৰ পিছত সমগ্ৰ ৰাজ্যখনতে লক-ডাউন শিথিল হোৱাৰ ইংগিত প্ৰদান কৰে হিমন্ত বিশ্ব শৰ্মাই ৷
লগতে পঢ়ক : কৰ'ণা আৰু ভাৰতবৰ্ষৰ চুবুৰীয়া ৰাষ্ট্ৰ