নলবাৰী, 2 মে': লক্ ডাউনৰ মাজতে চিকিৎসাৰ অভাৱত মৃত্যুৰে যুঁজিছে নলবাৰীৰ এগৰাকী ব্যক্তি । লোকগৰাকী ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সমষ্টি ধৰ্মপুৰৰ বাটসৰ টেঙাপাৰা চুবুৰীৰ বিপুল শৰ্মা । মাতৃ,পত্নী আৰু একমাত্ৰ পুত্ৰৰে পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী লোকজনে সাধাৰণ দোকান এখনেৰে কোনোমতে পোহপাল দি আছিল পৰিয়ালটোক । কিন্তু ক্ৰমশঃ ৰোগাক্ৰান্ত হৈ পৰে বিপুল শৰ্মা নামৰ লোকগৰাকী ।
দীৰ্ঘদিনীয়া চিকিৎসাৰ অন্তত বিগত জানুৱাৰী মাহত জিএমচিএইচত লোকগৰাকীৰ খাদ্যনলীত ধৰা পৰে মাৰাত্মক কৰ্কট ৰোগৰ অৱস্থিতি । এতিয়া উপাৰ্জনহীন হৈ পৰা পৰিয়ালটোৱে দিন কটাবলগীয়া হৈছে আৰ্থিক দৈন্যতাৰ মাজেৰে । কেতিয়াবা যদি পৰিয়ালটোলৈ চুবুৰীয়া কোনো লোকে এমুঠি অন্ন আগবঢ়াইছে, কেতিয়াবা সহায় কৰিছে চিকিৎসাৰ ক্ষেত্ৰতো । পত্নীয়ে খুজি মাগি কৰিছে স্বামীৰ চিকিৎসা । সম্প্ৰতি স্বাস্থ্যৰ অধিক অৱনতি ঘটা বিপুল শৰ্মাক পাইপৰ সহায়ত খুৱাবলগীয়া হৈছে জুলীয়া আহাৰ ।
মন কৰিবলগীয়া বিষয় যে, ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ সমষ্টিৰ এই পৰিয়ালটোৱে আজিলৈ পোৱা নাই কোনো চৰকাৰী সাহায্য । বিজেপি চৰকাৰৰ কোনো এটা জনকল্যাণমূলক আঁচনিয়ে আজি পৰ্যন্ত ঢুকি নাপালে এই পৰিয়ালটোক । পৰিয়ালটোক সহায়ৰ বাবে জনোৱা আহ্বানৰ পিচতো আজি পৰ্যন্ত তেওঁলোকৰ খবৰ এটিও লোৱা নাই সমষ্টিটোক প্ৰতিনিধিত্ব কৰি থকা মন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়কঃ পিতৃৰ বিয়োগতো ভাৰাতীয়াক শোক প্ৰকাশত বাধা ঘৰৰ মালিকৰ !