ETV Bharat / state

পঢ়িবলৈ নাই ছাত্ৰ-ছাত্ৰী: মধ্যাহ্ন ভোজনৰ সামগ্ৰী খাইছে প্ৰধান শিক্ষকে !

ছাত্ৰ-ছাত্ৰীবিহীন এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ ৷ এজনো ছাত্ৰ-ছাত্ৰী নথকাৰ ফলত দুৰ্নীতিৰ আশ্ৰয় লৈ সংগ্ৰহ কৰি আহিছে মধ্যাহ্ন ভোজনৰ সামগ্ৰী ৷ ইয়াৰোপৰি ধন আত্মসাতৰো অভিযোগ উত্থাপিত হৈছে প্ৰধান শিক্ষকগৰাকীৰ বিৰুদ্ধে (Nalabari headmaster accused of corruption)৷

Nalabari headmaster accused of corruption
পঢ়িবলৈ নাই ছাত্ৰ-ছাত্ৰী: মধ্যাহ্ন ভোজনৰ সামগ্ৰী খাইছে প্ৰধান শিক্ষকে !
author img

By

Published : Apr 23, 2022, 5:48 PM IST

নলবাৰী, 23 এপ্ৰিল: মুকালমুৱাত এগৰাকী প্ৰধান শিক্ষকৰ বিৰুদ্ধে মধ্যাহ্ন ভোজনৰ সামগ্ৰী আৰু ধন আত্মসাতৰ অভিযোগ উত্থাপিত হৈছে । প্ৰধান শিক্ষক আৰু পৰিচালনা সমিতিৰ সভাপতিৰ বিৰুদ্ধে তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে (Nalabari headmaster accused of corruption)। মুকালমুৱাৰ লাউঠাৰীৰ বৰক্ষেত্ৰী পকোৱা ছিনিয়ৰ মাদ্ৰাছা নামৰ বিদ্যালয়খনৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে উত্থাপিত হৈছে এই গুৰুতৰ অভিযোগ ।

পঢ়িবলৈ নাই ছাত্ৰ-ছাত্ৰী: মধ্যাহ্ন ভোজনৰ সামগ্ৰী খাইছে প্ৰধান শিক্ষকে !

জহি খহি যোৱা বিদ্যালয়খনত নাই এজনো ছাত্ৰ-ছাত্ৰী (Studentless Schools in Nalbari) । শ্ৰেণী কোঠাসমূহৰ ভিতৰচৰাৰ অৱস্থাও জৰাজীৰ্ণ । স্থানীয়লোকে জানিবলৈ দিয়া অনুসৰি বিদ্যালয়খনত যোৱা দুটা বছৰৰ পৰা নাই কোনো ছাত্ৰ-ছাত্ৰী । শিক্ষা বিভাগৰ ওচৰতো বিদ্যালয়খনৰ বৰ্তমানৰ অৱস্থিতি সন্দৰ্ভত কোনো নথি-পত্ৰ নথকাৰ অভিযোগ স্থানীয় ৰাইজৰ ।

কিন্তু তাৰ পাছতো কোনো ছাত্ৰ-ছাত্ৰী নথকা এই বিদ্যালয়খনে যোৱা মাৰ্চ মাহলৈকে লাভ কৰি আছিল মধ্যাহ্ন ভোজনৰ চাউল আৰু মধ্যাহ্ন ভোজনৰ বাবদ অহা টকা ।

Nalabari headmaster accused of corruption
মধ্যাহ্ন ভোজনৰ সামগ্ৰী খাইছে প্ৰধান শিক্ষকে !

এই সকলোবোৰ আত্মসাৎ কৰাৰ অভিযোগ বিদ্যালয়খনৰ প্ৰধান শিক্ষক আলী আকবৰ হুছেইন আৰু পৰিচালনা সমিতিৰ সভাপতি ৰফিকুল ইছলামৰ বিৰুদ্ধে (Midday meal corruption in Nalabari)। প্ৰধান শিক্ষক আৰু সভাপতিয়ে বিদ্যালয়খনৰ মধ্যাহ্ন ভোজনৰ চাউল মুকালমুৱাৰ মধ্যম বৰক্ষেত্ৰী বহুমুখী সমবায় সমিতিৰ পৰা সংগ্ৰহ কৰি আত্মসাৎ কৰি থকাৰ অভিযোগ উত্থাপিত হৈছে ।

ইতিমধ্যে এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত তদন্ত বিচাৰি স্থানীয় ৰাইজে মুকালমুৱা আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে । এতিয়া লক্ষ্যনীয় বিষয়টো হ'ল, শিক্ষা বিভাগৰ ওচৰত কোনো তথ্য নথকা ছাত্ৰ-ছাত্ৰীবিহীন বিদ্যালয়ে কেনেদৰে মধ্যাহ্ন ভোজনৰ চাউল আৰু মধ্যাহ্ন ভোজনৰ বাবদ চৰকাৰে দিয়া টকা লাভ কৰি আছে সেইটোহে এতিয়া ডাঙৰ প্ৰশ্ন । ইয়াৰ উচিত তদন্তৰ বাবে চৰকাৰক আহ্বান জনাইছে স্থানীয় ৰাইজে ।

লগতে পঢ়ক: বিদ্যালয়ত সন্তানৰ উপস্থিতিৰ সময় সম্পৰ্কে এতিয়াৰে পৰা ঘৰতে থাকিয়েই জানিব অভিভাৱকে...

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.