নলবাৰী, ১০ আগষ্ট : স্বাধীনতা দিৱসলৈ মাজত মাথোঁ আৰু চাৰিটা দিন । দেশে এইবাৰ পালন কৰিব স্বাধীনতাৰ ৭৫ সংখ্যক জয়ন্তী । দেশে স্বাধীনতা প্ৰাপ্তিৰ হীৰক জয়ন্তী বৰ্ষটো এক স্মৰণযোগ্য দিৱস হিচাবে পালন কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰিছে কেইবাটাও কাৰ্যসূচী ।
স্বাধীনতাৰ ৭৫ সংখ্যক দিৱসটো (75th Independence Day of India)) বছৰজুৰি পালনৰ কাৰ্যসূচী হাতত লৈ ইতিমধ্যে চৰকাৰে ঘোষণা কৰিছে 'আজাদী কা অমৃত মহোৎসৱ' কাৰ্যসূচী (Azadi ka Amrit Mahotsav) । আনহাতে, স্বাধীনতাৰ সপ্তাহটোৰ তিনিটা দিন দেশৰ প্ৰতিখন ঘতে নাগৰিকক জাতীয় পতাকা উত্তোলনৰ আহ্বান জনাই ঘোষণা কৰা হৈছে 'হৰ ঘৰ ত্ৰিৰংগা' (Har Ghar Tiranga) কাৰ্যসূচী ।
তাৰেই অংশ হিচাবে ইতিমধ্যে দেশজুৰি চলিছে ব্যাপক প্ৰচাৰ আৰু সজাগতা অভিযান । অসমতো এই কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে বিভিন্ন মাধ্যমৰ জৰিয়তে সজাগতামূলক প্ৰচাৰ অভিযান চলি আছে । নলবাৰী জিলাও ইয়াৰ ব্যতিক্ৰম নহয় ।
নলবাৰীত পৌৰসভাৰ উদ্যোগত ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ উদ্দেশ্যে এক বিশাল সজাগতা সভা অনুষ্ঠিত হয় (Har Ghar Tiranga campaign by Nalbari Municipality) । নলবাৰী চহৰত নলবাৰী পৌৰসভাৰ উদ্যোগত আৰু স্বচ্ছ ভাৰত অভিযান (নগৰাঞ্চল) আৰু অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযান আৰু প্ৰধানমন্ত্ৰী আৱাস যোজনা নলবাৰীৰ সহযোগত ঘৰে ঘৰে জাতীয় পতাকা উত্তোলনৰ উদ্দেশ্যে বিশাল সজাগতা সমদল উলিওৱা হয় ।
হাতে হাতে জাতীয় পতাকা লৈ চহৰৰ মাজেৰে বিশাল সমদল কৰে নলবাৰী পৌৰসভাৰ কৰ্মী আৰু বিজেপিৰ দলীয় কৰ্মীসকলে । নলবাৰী পৌৰসভা কাৰ্যালয়ৰ পৰা নলবাৰী বাটা চক হৈ নলবাৰী গৰ্ডনলৈ উলিওৱা হয় এই বৃহৎ সমদলটো । উল্লেখযোগ্য যে সজাগতা ৰেলীত উপস্থিত থাকে নলবাৰী পৌৰসভাৰ পৌৰপতি জয়শ্ৰী তালুকদাৰকে ধৰি নলবাৰী টাউন মণ্ডল বিজেপিৰ সভানেত্ৰী অজিতা বৰ্মনসহ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তাসকল ।
লগতে পঢ়ক : Quit India movement: শিৱসাগৰত অনুষ্ঠিত ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থণ সমাৰোহ