ETV Bharat / state

Awareness Rally in Nalbari: বিজেপিৰ ৰেলীত হেলমেট নিপিন্ধা আৰোহীক নেদেখিলে নলবাৰী আৰক্ষীয়ে

নলবাৰীত হৰ ঘৰ ত্ৰিৰংগা সাফল্যমণ্ডিত কৰাৰ লক্ষ্যৰে বিশাল ৰেলীৰে জনজাগৰণ কাৰ্যসূচী (Har Ghar Tiranga awareness rally in Nalbari)। হেলমেট অবিহনে মন্ত্ৰী সাংসদৰ উপস্থিতিত বিশাল বাইক ৰেলী ৷

Awareness Rally in Nalbari
বিজেপিৰ ৰেলীত হেলমেট নিপিন্ধা আৰোহীক নেদেখিলে নলবাৰীৰ আৰক্ষীয়ে
author img

By

Published : Aug 10, 2022, 10:33 PM IST

নলবাৰী, ১০ আগষ্ট: নলবাৰীত ভাৰতীয় জনতা পাৰ্টীৰ হৰ ঘৰ ত্ৰিৰংগা সাফল্য মণ্ডিত কৰাৰ উদ্দেশ্যেৰে বিশাল বাইক ৰেলীৰে জনজাগৰণ কাৰ্যসূচী । হেলমেট অবিহনে মন্ত্ৰী-সাংসদৰ উপস্থিতিত বিশাল ৰেলী ৷ নলবাৰী সমষ্টিৰ মণ্ডলে-মণ্ডলে বিশাল বাইক ৰেলীৰে জনজাগৰণ কাৰ্য্যসূচী (Har Ghar Tiranga awareness rally in Nalbari)।

বড়িগোগ বনভাগ মণ্ডল বিজেপিয়ে ঘগ্ৰাপাৰ হাইস্কুল খেলপথাৰত আয়োজিত ৰেলীত মিলিত হয় সহস্ৰাধিক দলীয় কৰ্মী । এই বিশাল বাইক ৰেলীত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক তথা মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়া, নলবাৰী সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা(Minister Jayanta Malla Baruah), জিলা বিজেপিৰ সভাপতি মৃগাংক তালুকদাৰৰ লগতে বিজেপিৰ কৰ্মী ।

বিজেপিৰ ৰেলীত হেলমেট নিপিন্ধা আৰোহীক নেদেখিলে নলবাৰীৰ আৰক্ষীয়ে

উল্লেখযোগ্য যে এই ৰেলীত অধিকাংশই পৰিধান নকৰিলে হেলমেট ৷ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা আৰু সাংসদ দীলীপ শইকীয়াই পৰিধান কৰিলে যদিও পিছৰ আৰোহীজনে হেলমেট পৰিধান নকৰাকৈয়েই ঘগ্ৰাপাৰত উলিয়ালে ৰেলী (Bike rally without helmet in Nalbari) ।

উল্লেখযোগ্য যে যিটো সময়ত নলবাৰীত হেলমেট অবিহনে বাইক চলালে আৰক্ষীয়ে জৰিমনা বিহে, তেনে সময়তে মন্ত্ৰী আৰু সাংসদৰ উপস্থিতিত বিজেপিৰ দলীয় কৰ্মীয়ে ভাঙিলে আইন । আনহাতে নলবাৰী আৰক্ষীয়ে সাধাৰণ লোকক জৰিমনা বিহে যদিও এইসকলৰ ওপৰত এই পৰ্যন্ত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে ৷

লগতে পঢ়ক: Nitish Kumar Takes Oath: বিজেপিৰে মিত্ৰতা ভংগ কৰি অষ্টমবাৰৰ বাবে মুখ্যমন্ত্ৰী হ’ল নীতিশ কুমাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.